নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

KTM যোৰহাটৰ শুভ উদ্বোধন

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ  উজনি অসমৰ অন্যতম চহৰ যোৰহাটৰ বাইক প্ৰেমী সকললৈ সু-খবৰ। ১৭ ডিচেম্বৰ বৃহস্পতি বাৰে যোৰহাট চহৰৰ জেইল ৰোডত উদ্বোধন কৰা হয় কে টি এমৰ নতুন ডিলাৰ । ডিলাৰটোত লগতে বাইকাৰ্ছ সকলৰ বাবে মুকলি কৰা হয় KTM ADVENTURE-250 মডেলৰ বাইকখন ।

ইতিমধ্যে,যোৰহাটত বাইকাৰ্ছ সকলৰ বাবে উপলব্ধ KTM DUKE 200,KTM DUKE 390,KTM RC-390,KTM Adventure-250,KTM Adventure-390,Husqvarna Vitpilen 250,Husqvarna Svartpilen 250 । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে KTMযোৰহাটৰ স্বতাধিকাৰী মনিমালা ৰাজখোৱা দত্ত ।

উল্লেখ্য যে, বৃহস্পতিবাৰে কে টি এমত নতুনকৈ সংযোজন হয় MY21 KTM 125 DUKE । বাইক ৰাইডাৰ সকলক নতুন অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে কোম্পানীটোৱে মুকলি কৰে অত্যাধুনিক বাইকখন ।

You might also like