নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত পূজাৰ মণ্ডপে মণ্ডপে আশিস গ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নহয়, সাধাৰণ ৰাজনৈতিক নেতাৰ দৰে ৰাইজৰ মাজত পাৰ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ নৱমীৰ দিনা। চলিত দুৰ্গা পূজাত জালুকবাৰী সমষ্টিৰ পূজাৰ মণ্ডপে মণ্ডপে মুখ্যমন্ত্ৰী ডঃ শৰ্মা দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰিলে।উল্লেখযোগ্য যে কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজ সমষ্টিৰ দুমুনিচকী, শালমাৰা, বেজেৰা, বৰপলহা, মান্দাকাটা বাগান সহ কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ আশিস লয় দুৰ্গা দেৱীৰ। মুখ্যমন্ত্ৰী ডঃ শৰ্মা প্ৰথমে উপস্থিত হয় কামৰূপ দৰং সীমান্তৱৰ্তী দুমুনিচকী হাইস্কুল খেলপথাৰৰ পূজা স্থলিত। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা স্থানীয় মহিলা সকলে আদৰি নিয়ে তেওঁক। মুখ্যমন্ত্ৰীয়ে উদযাপন সমিতিয়ে জনোৱা আদৰণি আৰু সম্বৰ্দ্ধনা গ্ৰহণ কৰি উপস্থিত সকলো ধৰ্মপ্ৰাণ ৰাইজক দুৰ্গা পূজা মহা নৱমী তিথিৰ শুভেচ্ছা জনায়। মুখ্যমন্ত্ৰীগৰাকীক এনে এক সুন্দৰ পৰিবেশত পায় আনন্দিত ধৰ্মপ্ৰাণ ৰাইজ আৰু সকলো উদযাপন সমিতি। শালমাৰা সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ লগতে স্থানীয় মাইকণ ডেকা আৰু সত্যবতী ডেকাই মুখ্যমন্ত্ৰীক তেওঁৰ প্ৰতিচ্ছবি সম্বলিত একোখন ফটো প্ৰদান কৰাত আনন্দিত হয় মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা।
প্ৰেৰক হীৰকজ্যোতি ডেকা
You might also like