নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন, মহকুমাধিপতি কাৰ্যালয়ৰ পৰা এক বিশাল চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে জোনাই মহকুমা নিৰ্বাচন বিষয়া উদ্যোগতো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এই উপলক্ষে আজি জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ পৰা এক বিশাল চাইকেল ৰেলী উলিওৱা হয়। এই শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে। এই চাইকেল ৰেলী জোনাই মহকুমা ধিপতি কাৰ্যালয়ৰ পৰা পবা বনাঞ্চল লৈ উলিওৱা হয়। চাইকেল ৰেলীত জোনাইৰ বিভিন্ন স্কুল কলেজৰ ছাত্র ছাত্ৰীৰ লগতে , জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ যোগেন্দ্ৰ পেগু, দণ্ডাধীক প্ৰীতম কুমাৰ দাস, জোনাই মূৰ্কচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক জয়ন্ত টায়ে আৰু জোনাই চিকিৎসা সেৱাৰ দলে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে দিনৰ ১১ বজাৰ পৰা জোনাই শিশু উদ্যানত এখন সজাগতা সভা আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত জোনাই মহকুমাধিপতিৰ দ্বাৰা সজাগতা সভাৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভনি ফিতা কটা হয়৷ ইয়াৰ পিছতে নতুন ভোটাৰ সকলক লৈ সংকল্প পাঠ কৰোৱা৷

উল্লেখযোগ্য যে উক্ত ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি ২১ আৰু ২২ জানুৱাৰীত ছৱি অকা আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ ছৱি আৰু ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছাত্র ছাত্ৰীক একোখনকৈ মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷ আৰু মহকুমা টোৰ ডি টি পি অপাৰেটৰ মনা সিকদাৰ , জোনাইত মহকুমাত বিভিন্ন চিত্ৰ অংকণ কৰি প্ৰসংশা লাভ কৰা তিনচুকীয়া জিলাৰ মাকুমৰ চিত্ৰশিল্পী মনজিৎ কাশ্যপক আৰু নতুনকৈ আৰ্থাৎ প্ৰথম ভোটাধিকাৰ সকলক সম্বৰ্ধনা জনোৱা হয়৷ সজাগতা সভাত মহকুমাধিপতিগৰাকীয়ে তেওঁ ভাষণ প্ৰসংগত কয় যে এইবাৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু হৈছে ‘কোনো ভোটাৰেই যাতে ভোটদানৰ পৰা বাদ পৰি নাযায়’৷ কাৰণ আমাৰ সংবিধানে আমাক ভোটাধিকাৰ দিছে৷ সেয়ে আমি সকলো ভোটাৰেই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে৷ তাৰোপৰি আমি গণতান্ত্ৰিক সাৰ্বভৌম দেশৰ লোক৷ গতিকে আমি প্ৰত্যেকে এনেকুৱা চৰকাৰ এখন নিৰ্বাচন কৰিব লাগে, যিখন চৰকাৰে ভৱিষ্যতে আমাৰ দেশখনৰ বাবে ভালভাৱে কাম কৰিব পাৰে৷ তেওঁ আৰু কয় যে উঠি অহা যুৱচামে ভোটাধিকাৰ সাব্যস্ত কৰাটো নিতান্তই জৰুৰী। ধৰ্ম, বৰ্ণ, বয়স নিৰ্বিশেষে সকলোৰে ভোটাধিকাৰৰ মূল্য সমান। এই দিৱসটো গণতান্ত্ৰিক দেশখনত ভোটাৰ হিচাপে থকা সৰ্বোচ্চ ক্ষমতা ভোটাধিকাৰৰ গুৰুত্ব সম্পৰ্কে ভোটাৰসকলক সচেতন কৰিবলৈ পালন কৰা হয় বুলিও কয়৷ সভাত জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, জোনাই চক্ৰ বিষয়া সংলগ্ন নেকিৱ ছৈয়দ বৰুৱা, জোনাই জনসংযোগ বিষয়া চৌবিশ ভূঞা, উপস্থিত থাকে৷

 

You might also like