নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰ:  জোনাইত অবৈধভাৱে নিৰ্মাণ কৰা পকী দোকানৰ ফলত যান যটকে আদি কৰি দেখা দিছিল বিভিন্ন সমস্যাৰ। জোনাই ৰাজহ চক্ৰ বিষয়াই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ বাবে দোকান ঘৰৰ বিৰোদ্ধে জাননী দি আজি জোনাইৰ কিছু সংখ্যক দোকান উচ্ছেদ কৰে৷ উচ্ছেদ অভিযানত মহকুমা প্ৰশাসনে জেচিবি, আৰক্ষী -অৰ্ধসামৰিক বাহিনী লগত লৈ আজি পুৱাই জোনাইৰ দোকান আৰু ঘৰৰ ওপৰত পৰিল জেচিবিৰ হাতোৰা৷ ৷ জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কুলি তিনিআলিলৈ প্ৰায় ৩ কিলোমিটাৰ পৰ্যন্ত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে উচ্ছেদ অভিযান চলায় ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম অনুযায়ী ঘাইপথৰ  মাজৰ  পৰা ৭৫ ফুট ভিতৰত পৰা সকলো ব্যৱসায় প্ৰতিষ্ঠান তথা ঘৰৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় মহকুমা প্ৰশাসনে৷ জোনাই ৰাজহ চক্ৰ বিষয়া, মণ্ডল আৰু আৰক্ষী -অৰ্ধসামৰিক বাহিনী উপস্থিতিত উচ্ছেদ অভিযান চলায় জোনাই মহকুমা প্ৰশাসনে৷

You might also like