নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰৰ কৰি জোনাই থানাত উত্তপ্ত পৰিস্থিতি

একাংশ ৰাইজ আৰু আৰক্ষী মাজত হতাহতিঃছচিয়েল মিডিয়াত পষ্ট ভাইৰেল

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ:জোনাইত আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ৷ হত্যকাৰীক গতাই দিয়াৰ দাবীত থানা আৰক্ষীৰ গাড়ীত আক্ৰমণ৷ জোনাই থানাৰ অন্তৰ্গত কাৰ্দং চুক বালি গাঁৱৰ  দেবাকুমাৰ মেদকৰ পুত্ৰ টিংকু মেদক নামৰ  যুৱকজনে ছচিয়েল মিডিয়াত বিতৰ্কিত পষ্ট আপডেট দিয়াৰ পিছতে যুৱক জনৰ পত্নী জোনাই লোহিজান গাৱঁৰ নিবাসী দিলীপ কছাৰীৰ পঞ্চম কন্যা সন্তান জয়মতী (২৭) কছাৰীৰ আজি সন্ধিয়া প্ৰায় ৫.০০ বজাত ৰহস্য জনকভাবে  মৃত্যু ঘটাৰ খবৰ বিয়পি পৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে জোনাই আৰক্ষী থানাত৷ টি এম পি কে সংগঠনে এজাহাৰ দাখিলৰ পিছতে জোনাই আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক কৃষ্ণকান্ত শৰ্মা  নেতৃত্বত যোৱা আৰক্ষী দলে তেলমৰ পৰা আৰক্ষী চেক গেট বহোৱাই  অভিযুক্তক আটক কৰি লৈ আনে ৷ উল্লেখযোগ্য যে অভিযুক্ত যুৱক জনক আৰক্ষীয়ে  আটক কৰি থানালৈ লৈ অহাৰ মূহুৰ্ততে শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৪.০০ বজাত জোনাই আৰক্ষী থানাৰ সন্মুখতে উদণ্ড যুৱক কেইজনমানে হত্যকাৰীক ৰাইজক গতাই দিয়াৰ দাবীত আৰক্ষী গাড়ীখনৰ ভিতৰতে হত্যাকাৰীৰ নমাই আনিবলৈ  আৰক্ষী গাড়ীত আক্ৰমণ কৰাত উদণ্ড যুৱক আৰু আৰক্ষী মাজত হতাহতি হয়৷ উদণ্ড যুৱক কেইজনে আৰক্ষী গাড়ীত থকা  অভিযুক্তক আক্ৰমণ কৰি মাৰ ধৰ কৰিবলৈ ধৰে৷ ইয়াৰ পিছতে ৰাজ বিকাশ নামৰ এজন আৰক্ষী কনিষ্টবল আৰু বেটেলিয়িন যুৱকৰ সহযোগত থানা চৌহদলৈ সোমোৱাই আনিবলৈ সক্ষম হয় অভিযুক্তক৷  উক্ত ঘটনাত জোনাই আৰক্ষী বিষয়া ঋতুৰাজ দলে আৰু টি এম পি কে    সংগঠনটোৰ জেষ্ঠ নেতাই আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ জানিব পৰা মতে ২০১৮ চনৰ জানুৱাৰী মাহত লোহিজান গাৱঁৰ নিবাসী দিলীপ কছাৰীৰ পঞ্চম কন্যা সন্তান জয়মতী কছাৰীক অভিযুক্ত টিংকু মেদকে ভাল পায় স্ব- ইচ্ছাৰে বিয়া কৰি ডেৰ বছৰ কাল  ঘৰ সংসাৰ কৰাৰ মাজতে মনোমালিন্য হয় আৰু  মানসিক সত্যাচাৰ কৰি থকা বুলি জানিব পৰা গৈছে ৷ কিছুদিনৰ ভণ্ডামী ও কুলঙ্গাৰ যুৱক জনে ফেচবুকত আপলোড কৰা পষ্টৰ জড়িয়তে টিংকু মেদকে নিজা পত্নী জয়মতী কছাৰীক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ উক্ত ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ আৰু টি এম পি কেই জোনাই আৰক্ষী থানাত এজাৰহাৰ দাখিল কৰি  দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে৷ জোনাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  ভাৰতীয় দণ্ডাবিধি আইনৰ 306 ৰ  ধাৰাৰ অধীনত  144/ 2020  নম্বৰৰ এক গোচৰ ৰুজু কৰি   উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইফালে আৰক্ষী আৰু অপৰাধীক আক্ৰমণত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ আস্বাস প্ৰদান কৰিছে জোনাই আৰক্ষীয়ে৷

You might also like