নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ত পৰিষদৰ ২৫ নং চহৰী সমষ্টিত বিজেপি প‌্ৰাৰ্থী জয়ী

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃআজি ঘোষিত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ফলাফল অনুযায়ী পৰিষদৰ ২৫ নং চহৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী মোহন সেনাপতি বিজয়ী হয় । বিজেপি দলৰ প্ৰাৰ্থী মোহন সেনাপতিয়ে নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী দ্বীপেন কো‌ঁৱৰতকৈ ৭৩৯ ভোট অধিক লাভ কৰি বিজয়ী হয় । প্ৰাপ্ত তথ্য অনুসৰি মুঠ শুদ্ধ ভোট গ্ৰহণ হয় ৭,১৩৩ টা । বিজেপি দলৰ প্ৰাৰ্থী মোহন সেনাপতিয়ে ভোট পায় ২,৯১১ টা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিকুঞ্জ পাটৰে লাভ কৰে ২,০১১ টা, নিৰ্দলীয় প্ৰাৰ্থী দ্বীপেন কোঁৱৰে লাভ কৰে ২,১৭২ টা আৰু নিৰ্দলীয় প্ৰাৰ্থী বিজয় আগৰৱালাই ভোট লাভ কৰে ৩৯ টা । আমচৈ আৰু হাটবৰ গাঁও পঞ্চায়ত সামৰি গঠন কৰা তিৱা স্বায়ত্ত পৰিষদৰ ২৫ নং চহৰী সমষ্টিৰ বেলতলাত বিজয়ী প্ৰাৰ্থী মোহন সেনাপতিয়ে আহি পোৱাৰ লগে লগে স্থানীয় আমচৈ চাহ বাগিছা আৰু বেলতলা গাঁৱৰ ৰাইজে।

You might also like