নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেংটিছিঙাৰ দালানভাঙ্গা সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আজি মহাষষ্ঠি । আজিৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হ’ল দেবী দুৰ্গাৰ আৰাধনা । বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ দালানভাঙ্গা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত আৰম্ভ হ’ল সোণালী জয়ন্তী বৰ্ষ।

সোণালী জয়ন্তী বৰ্ষ উপলক্ষে লেংটিছিঙাত এক উদুলি মুদুলি পৰিৱেশ । এই পূজাখনৰ লগত বিগত ৫০ বছৰে জড়িত বহু লোক পৰিয়ালসহ উপস্থিত হৈছে । সকলোৱে পুৰণি স্মৃতি ৰোমন্থন কৰিছে । মুঠতে এক নষ্টালজিক পৰিৱেশ । অৱশ্যে এইবাৰ দুৰ্গা পূজা ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হ’ব । কভিড প্ৰটোকলৰ মাজেৰে দেবী দুৰ্গাক আৰাধনা কৰিবলৈ সাজু লেংটিছিঙাবাসী । আজি উত্তৰ শালমাৰাৰ মহকুমা আৰক্ষী বিষয়া নিতমনি দাসে পতাকা উত্তোলনেৰে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

You might also like