নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ; যোৰহাটত অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে অভিযান

নিয়মীয়া বাৰ্তা,১৪ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাজ্যখনত সমাজ বিৰোধী চক্ৰৰ বিৰুদ্ধে জোৰদাৰ কৰিছে অভিযান । বিশেষকৈ অবৈধ সুৰাৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু যোৰহাট আবকাৰী বিভাগে চি আৰ পি এফৰ সহযোগত আজি যোৰহাটৰ বিভিন্ন স্হানত আজি এক সফল অভিযান চলায়।

কাঠনিবাৰী, বৰভেটী, মালৌখাট আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চলোৱা এটা যৌথ অভিযানত ১,৫০০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী,৩০ লিটাৰ চুলাই মদ আৰু ৫ টা মদ তৈয়াৰ কৰা যন্ত্ৰ জব্দ কৰি নষ্ট কৰে৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আৰু জিলা উপায়ুক্তৰ উদ্যোগত সমগ্ৰ জিলাখনতে অবৈধ সুৰাৰ ‌বিৰুদ্ধে ব্যাপক অভিযান বিগত সময়চোৱাৰ পৰাই অব্যাহত আছে ।

You might also like