নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালত প্রত্যাহ্বানৰ সন্মুখীন ৰাজ্যৰ একমাত্র মৰাপাট কল

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ  ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে অসমৰ একমাত্র মৰাপাট কল তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটত স্থাপন কৰা এই মৰাপাট কলটো লাভজনক উদ্যোগ হিচাপে চিহ্ণিত হৈছিল৷ শেহতীয়াভাৱে ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে ১৩ মে’ৰ পৰা বর্তমানলৈকে মৰাপাট কলটো বন্ধ হৈ থকাত বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে৷ আন্তর্জাতিক মানৰ স্বীকৃতি লাভ কৰা আৰু এসময়ৰ লাভজনক উদ্যোগটো বিগত প্রায় দুবছৰ ধৰি বিভিন্ন কাৰণত লোকচানৰ সন্মুখীন হৈ আহিছে৷ এসময়ত এটা বিত্তীয় বর্ষত কোটি টকাৰো অধিক লাভ কৰা মৰাপাট কলটোৰ বর্তমানৰ দুৰৱস্থাই অসমৰ উদ্যোগ ক্ষেত্রখনলৈ এক নিৰাশাৰ বাতৰি কঢ়িয়াই আনিছিল৷ ১৩ মে’ৰ পৰা বর্তমানলৈকে ক’ভিডজনিত পৰিস্থিতিৰ বাবে ৫৪ দিন বন্ধ হৈ থকাত ইয়াত নিয়োজিত শ্রমিক–কর্মচাৰীসকল হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বহু শ্রমিকেই এতিয়া বিকল্প কামত নিয়োজিত হৈ জীৱিকা নির্বাহ কৰিবলগীয়া হৈছে৷

একাংশ শ্রমিকে হাজিৰা কৰাৰ লগতে ব্রহ্মপুত্রত মাছ মাৰি, পাহাৰত খৰি সংগ্রহ কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে৷ এনেদৰে মৰাপাট কলটো বন্ধ হৈ থকাত শিলঘাটৰ আর্থ–সামাজিক ক্ষেত্রখনতো প্রভাৱ পেলাইছে৷ এনেদৰে মৰাপাট কলটো বন্ধ হৈ থকাত প্রতিদিনে প্রায় তিনি লাখ টকা লোকচানৰ সন্মুখীন হৈছে৷ এই সময়ছোৱাৰ ভিতৰত ৭টা দেওবাৰক বাদ দি ৪৬ দিনৰ কর্মদিনত ১ কোটি ৩০ লাখৰো অধিক টকা ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে মৰাপাট কলটোত মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে প্রায় ১১ কোটি টকা মৰাপাট কর্তৃপক্ষৰ পৰা পাবলৈ আছে৷ যাৰ বাবে মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে মৰাপাটৰ যোগান ধৰিবলৈ অনীহা প্রকাশ কৰি আহিছে৷ তদুপৰি শেহতীয়াভাৱে মৰাপাটৰ দাম বৃদ্ধিয়ে উদ্যোগটোলৈ আন এক প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ এসময়ত ৬০–৬৫ টকা প্রতি কেজি মৰাপাটৰ মূল্য এতিয়া প্রায় ৯২ টকালৈ বৃদ্ধি পাইছে৷

তদুপৰি মৰাপাট কলটোৰ মেচিনসমূহো আওপুৰণি হোৱাত মেৰামতিৰ নামত বুজন পৰিমাণৰ ধন ব্যয় হয়৷ সহস্রাধিক শ্রমিক–কর্মচাৰী থকা মৰাপাট কলটোত প্রতিমাহে দৰমহাৰ নামত ব্যয় হয় প্রায় ১ কোটি ৩০ লাখ টকা৷ দৰমহাসহ প্রতিমাহে অন্যান্য খৰচত ব্যয় হয় প্রায় ৫ কোটি টকা৷ এনে ব্যয়বহুল পৰিস্থিতিৰ মাজতো মৰাপাট কলটোৱে লাভৰ মুখ দেখি আহিছিল যদিও শেহতীয়াভাৱে ২০২০ বর্ষৰ পৰা মৰাপাট কলৰ শ্রমিক ইউনিয়নৰ সংঘাত, অদূৰদর্শী সিদ্ধান্ত আদিৰ বাবেই মৰাপাট কলটোত এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তদুপৰি ক’ৰোনাৰ প্রথম লহৰত প্রায় ৪৩ দিন ধৰি বন্ধ হৈ পৰিছিল৷ সেই সময়ত ক’ৰোনাকালীন পৰিস্থিতি উন্নত হোৱাত মৰাপাট কলটোৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও ক’ৰোনাৰ দ্বিতীয় লহৰে উদ্যোগটোৰ উৎপাদন প্রক্রিয়া ব্যাহত কৰি তোলে৷ যাৰ বাবে শ্রমিক কর্মচাৰীৰ দৰমহা দিয়াৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হয়৷ এনে নিৰাশাজনক পৰিস্থিতিৰ মাজতে মৰাপাট কল কর্তৃপক্ষই মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়া পুনৰ আৰম্ভ কৰিবলৈ যাৱতীয় প্রস্তুতি আৰম্ভ কৰিছে৷

ইতিমধ্যে মৰাপাট কল পৰিচালনা মণ্ডলীৰ এখন সভা অনুষ্ঠিত হৈ গৈছে৷ বৈঠকত মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়া পুনৰ কেনেকৈ আৰম্ভ কৰিব পৰা যায় সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷ মৰাপাট কলটোৰ পৰিচালনা সঞ্চালক গুণমণি গগৈয়ে আজি জানিবলৈ দিয়ে যে অহা ১২ জুলাইৰ পৰা মৰাপাট কলটোৰ উৎপাদন প্রক্রিয়া আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলাই থকা হৈছে৷ এনে খবৰে মৰাপাট কলটোৰ শ্রমিক–কর্মচাৰীৰ লগতে শিলঘাটবাসীলৈ শুভবার্তা কঢ়িয়াই আনিছে৷

You might also like