নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ শর্মালৈ আম পঠিয়াব বাংলাদেশৰ প্রধানমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীলৈ উপহাৰ হিচাপে আম পঠিয়াইছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ দুয়োখন ৰাষ্ট্রৰ সম্পর্ক অধিক মধুৰ কৰিবলৈ বাংলাদেশৰ বিখ্যাত ‘হাৰিভাঙা’ জাতৰ আম উপহাৰ হিচাপে প্রেৰণ কৰিছে প্রধানমন্ত্রী হাছিনাই৷

আমৰ এই উপহাৰৰ টোপোলা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈও প্রেৰণ কৰিব বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়ে৷ প্রায় ৩০০ কিলোগ্রাম আম উপহাৰ হিচাপে বাংলাদেশ চৰকাৰে মুখ্যমন্ত্রী ড০ শর্মালৈ প্রেৰণ কৰিব৷

অসমত থকা বাংলাদেশৰ সহকাৰী উচ্চাযুক্ত ড০ তনবীৰ মনছুৰে প্রকাশ কৰা অনুসৰি অসমৰ মুখ্যমন্ত্রীৰ লগতে মিজোৰাম আৰু মেঘালয়ৰ মুখ্যমন্ত্রীলৈও আম প্রেৰণ কৰিব শ্বেখ হাছিনাই৷

উল্লেখ্য যে বাংলাদেশৰ পৰা ভাৰতলৈ এই উপহাৰ প্রেৰণৰ বাবে কেতবোৰ যাৱতীয় চৰকাৰী নীতি আছে৷ সোমবাৰে বাংলাদেশৰ ব্রাহ্মণবাৰীৰ আখাউড়া স্থল বন্দৰেৰে ৩০০ কেজিৰ ৩০টা আমৰ কার্টন আনুষ্ঠানিকভাৱে ভাৰতীয় কর্তৃপক্ষক প্রদান কৰা হৈছে৷
ইতিমধ্যে যোৱা ৪ জুলাইত প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ২,৬০০ কিলোগ্রাম সুস্বাদ আম উপহাৰ হিচাপে প্রেৰণ কৰিছিল বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷

You might also like