নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচ ৰাজবংশীৰ ভাষা–কৃষ্টিৰ গৱেষক ৰাজেন্দ্র নাৰায়ণৰ বিয়োগ

বঙাইগাঁৱত শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে অন্তিম শ্রদ্ধা গুণমুগ্ধৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক,বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন উপাধ্যক্ষ তথা বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ কুমাৰ ৰাজেন্দ্র নাৰায়ণ দেৱৰ আজি পুৱা ৪ মান বজাত দেহাৱসান ঘটে৷ ১৯৩৩ চনৰ ২৪ ছেপ্টেম্বৰত জন্মগ্রহণ কৰা কুমাৰ ৰাজেন্দ্র নাৰায়ণ দেৱে ৪৫ নম্বৰ পুৰণি বঙাইগাঁও প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে৷ ১৯৫৪ চনত বীৰঝৰা হাইস্কুলৰ পৰা মেড্রিক পৰীক্ষাত উত্তীর্ণ হয়৷ পাছত নগাঁও কলেজৰ পৰা আইএছচি আৰু একেখন কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীর্ণ হয়৷

১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা বিজ্ঞান বিশেষ উপ–বিভাগ হিচাপে গ্রহণ কৰি ১৯৬৪ চনত এম এ ডিগ্রী লাভ কৰে আৰু একেবর্ষত বীৰঝৰা হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি ১৯৯৩ চনৰ ৩১ মে’লৈ উক্ত বিদ্যালয়ত শিক্ষাদান কৰে৷ ইয়াৰ পাছত ১৯৯৩ চনৰ ১২ ছেপ্ঢেম্বৰৰ পৰা ২০০০ চনলৈ বঙাইগাঁও বীৰঝৰা কন্যা মহাবিদ্যালয়ত শিক্ষাদান কৰে আৰু ১৯৯৭ চনৰ ২ ফেব্রুৱাৰীৰ পৰা ২০০০ চনৰ ১২ ছেপ্ঢেম্বৰলৈ বিদ্যালয়খনত ভাৰপ্রাপ্ত অধ্যক্ষৰ দায়িত্ব পালন কৰে৷ এই বিশিষ্ট ব্যক্তিগৰাকী ২০০২ চনৰ পৰা প্রায় ছবছৰ বঙাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি, ২০১১ বর্ষত বীৰঝৰা কন্যা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল৷ লগতে তেওঁ বহুতো অনুষ্ঠান–প্রতিষ্ঠান তথা শিক্ষাকেন্দ্রৰ লগত জড়িত হৈ আছিল৷ তেওঁ ১৯৯০ চন (প্রতিষ্ঠা বর্ষ)ত বঙাইগাঁও বিএড কলেজ পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি, পুৰণি বঙাইগাঁও হাইস্কুল পৰিচালনা সমিতিৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক পদত কার্যনির্বাহ কৰিছিল৷

উল্লেখ্য যেSelect Vocables of the Koch Rajbansi Language with (sources and Etymology, 2005) আৰু ২০১২ বর্ষত বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ স্মৃতিগ্রন্থ ‘দিকবলয়’তOn Language and Vocables of western Assam শীর্ষক প্রবন্ধ দুটা লিখি তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছিল৷ কেইবাখনো গ্রন্থৰ প্রণেতা ৰাজেন্দ্র নাৰায়ণ দেৱে কোচ ৰাজবংশী লোকসকলৰ ভাষা–কৃষ্টিৰ ওপৰত গৱেষণা আৰু অভিধানৰ প্রণেতা৷ লক্ষণীয় যে প্রচাৰবিমুখ কুমাৰ ৰাজেন্দ্র নাৰায়ণ দেৱ ভাষাতত্ত্বৰ এজন উচ্চ পর্যায়ৰ পণ্ডিত আছিল৷ কিন্তু পর্যাপ্ত সুযোগ–সুবিধাৰ অভাৱত তেওঁৰ এই পাণ্ডিত্য নিজৰ মাজতে আবদ্ধ থাকি গ’ল৷ প্রচাৰমুখী হ’লে হয়তো সময়ত দেশৰ ভিতৰতে ভাষাতত্ত্বৰ এজন নামজলা পণ্ডিত ৰূপে স্বীকৃতি লাভ কৰিলেহেঁতেন৷ স্মর্তব্য যে বহুবছৰ পূর্বে তেওঁ ভাষাতত্ত্বৰ এখন অভিধান প্রণয়নৰ কামো হাতত লৈছিল৷

উল্লেখ্য যে প্রয়াত ৰাজেন্দ্র নাৰায়ণ দেৱৰ নেতৃত্বতে বঙাইগাঁও মাজগাঁৱত স্থাপন হয় জৱাহৰ নৱদোয় বিদ্যালয়৷ ২০০১ চনত তেওঁ বঙাইগাঁও বিধানসভাৰ পৰা নির্বাচনতো প্রতিদ্বন্দ্বিতা কৰিছিল৷ বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত বঙাইগাঁৱৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠন আদিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৈবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ আজি প্রয়াত ব্যক্তিগৰাকীৰ পুৰণি বঙাইগাঁওস্থিত বাসগৃহত মৃতদেহ অনাৰ লগে লগে শোকৰ ছাঁ পৰে৷ তেওঁৰ বাসগৃহতে আজি অন্তিম শ্রদ্ধা নিবেদন কৰা হয়৷ অন্তিম শ্রদ্ধা নিবেদন অনুষ্ঠানত বঙাইগাঁৱৰ বিধায়ক তথা প্রাক্তন মন্ত্রী ফণীভূষণ চৌধুৰী, সমাজসেৱক গিৰীশ বৰুৱা, সমাজসেৱক প্রভাত বৈষ্ণৱ, অগপ নেতা শৈলেন সৰকাৰ আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শেষ শ্রদ্ধা নিবেদন কৰে৷

বৃহত্তৰ বঙাইগাঁও প্রেছ ক্লাবৰ তৰফৰ পৰাও তেওঁক শেষ শ্রদ্ধা নিবেদন কৰা হয়৷ ইয়াৰ উপৰি বিশিষ্ট ব্যক্তিগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় তেওঁৰ পূর্বৰ কর্মস্থলী তথা তেওঁ জড়িত থকা একাধিক শিক্ষাকেন্দ্র তথা প্রতিষ্ঠানলৈ৷ তাতেও তেওঁক শেষ শ্রদ্ধা নিবেদন কৰা হয়৷ তেওঁৰ নশ্বৰদেহ লৈ যোৱা হয় পুৰণি বঙাইগাঁও হাইস্কুল, বঙাইগাঁও বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বীৰঝৰা কন্যা মহাবিদ্যালয়, বি এড কলেজ, পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়, নিয়তি সংঘ৷ ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহৰ অন্তিম সৎকাৰ কৰা হয় মাজগাঁও শ্মশানত৷ উল্লেখ্য যে প্রয়াত দেৱে বহুদিন পূর্বে পত্নী আৰু একমাত্র পুত্রকো হেৰুৱাইছিল ৷ মৃত্যুৰ সময়ত তেওঁ একমাত্র জীয়াৰী, বোৱাৰী, দুই নাতিসহ অগণন গুণমুগ্ধক এৰি থৈ যায়৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ এই বিদ্বান ব্যক্তিজনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে৷ শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে ৰায়ে৷

You might also like