নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেডমিণ্টনৰ ছেমি ফাইনেলত প্রৱেশ পি ভি সিন্ধুৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ক’ৰোনাৰ আতংকৰ মাজতে জাপানৰ ৰাজধানী টকিঅ’ত চলি থকা অলিম্পিকত জয়যাত্রা অব্যাহত আছে ভাৰতৰ পদকপ্রত্যাশী তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৰ৷

আজি অনুষ্ঠিত ছেমি ফাইনেল মেচখনত ভাৰতীয় তাৰকা শ্বাটলাৰগৰাকীয়ে জাপানৰ আকানে য়ামাগুচিৰে কঠিন প্রতিদ্বন্দ্বিতাৰ মুখামুখি হৈ নিজৰ বিজয় নিশ্চিত কৰে। জাপানৰ আকানে য়ামাগুচিক ২১-১৩, ২২-২০ গেমত পৰাস্ত কৰে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে। যাৰ পাছতে সিন্ধুৱে টকিঅ’ অলিম্পিকৰ বেডমিণ্টন ইভেণ্টৰ মহিলা শাখাৰ ছিংগলছৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷

You might also like