নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত শোকাকূল পৰিবেশঃ অসম ভৱনত এ এছ এল ক্লাৱৰ অন্তিম শ্ৰদ্ধা নিবেদন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ: স্বনামধন্য ৰাজনীতিবিদ তৰুণ গগৈৰ দেহাৱসানত দুখত মিয়ম্ৰান কলিকতাবাসী অসমীয়াসকল। ১৮৭২ চনতে স্থাপিত কলকাতাৰ আছাম ছ’চিঅ’ লিটাৰেৰী ক্লাব (এ এছ এল )ৰ তৰফৰ পৰা গভীৰ শোক বাৰ্তা প্ৰকাশ কৰে ।

লগতে পঢ়কঃ “অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

তেখেতৰ আত্মাৰ শান্তি তথা সদ্গতিৰ অৰ্থে ভগৱানলৈ প্ৰাৰ্থনা জনোৱাৰ লগতেই অসম ভৱনত ১ মিনিটৰ মৌনব্ৰত গ্ৰহণ কৰে ক্লাৱৰ সদস্য সদস্যাসকলে। কলিকতাবাসী অসমীয়াসকলৰ যে সুহৃদ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন সেয়াও উল্লেখ কৰে ক্লাৱৰ সাধাৰণ সম্পাদক চন্দন ফুকনে।

তাৰোপৰি সকলোৱে তেখেতৰ পৰিয়াললৈ গভীৰ শোক বাৰ্তা প্ৰেৰণ কৰে । উল্লেখ্য যে, অসমৰ ইতিহাসত তিনিবাৰকৈ কাৰ্যকালৰ সময়ছোৱাত ১৫০ বছৰ অতিক্ৰম কৰা আছাম ছ’চিঅ’লিটাৰেৰী ক্লাৱলৈ আগবঢ়োৱা তেখেতৰ সহায় তথা নিৰন্তৰ জনসম্পৰ্কৰে দিহা পৰামৰ্শক ক্লাবৰ সদস্য সদস্যবৃন্দই শ্ৰদ্ধাৰে সোৱৰণ কৰে।

You might also like