নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি লাচিত বৰফুকনৰ জন্মদিৱস, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ আজি অসমৰ ঐতিহাসিক বীৰ লাচিত বৰফুকনৰ জয়ন্তী। ১৬৬২ চনৰ ২৪ নৱেম্বৰত চৰাইদেউত জন্মগ্ৰহণ কৰা লাচিত বৰফুকনৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউ। মোগলৰ বিৰুদ্ধে প্ৰবল পৰাক্ৰমেৰে শৰাইঘাটত যুঁজ দি অসমীয়া সত্তাৰ বিজয় অক্ষুণ্ণ ৰখা বীৰ পুৰুষ লাচিত বৰফুকনৰ জন্মদিন ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন কৰা হয়।

ক’ৰোনাকালীন পৰিস্থিতি আৰু কালি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্য়ুৰ বাবে ৩দিন ধৰি পালন কৰিবলগীয়া ৰাজ্যিক শোকৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হয় এই দিৱস।

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বীৰ লাচিত বৰফুকনৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে অসমৰ বীৰ সন্তান লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

You might also like