নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম কাজ পৰিদৰ্শন বিধায়ক অমিয় ভূঞাৰ

অগ্ৰগতি আৰু উন্নয়ন সম্পৰ্কে আলোচনা

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ উত্তৰ পাৰৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান মাধৱদেৱ মহাবিদ্যালয়ত আজি উপস্থিত হয় বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা। বিশ্ববিদ্যালয় খনৰ কাম কাজৰ অগ্ৰগতিৰ লগতে শৈক্ষিক দিশৰো পৰ্যালোচনা কৰে বিধায়ক গৰাকীয়ে ।প্ৰথমে বিশ্ববিদ্যালয় খনৰ পুথিভঁৰালৰ সভাগৃহত এখনি সভা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অংশ গ্ৰহণ কৰে বিশ্ববিদ্যালয় খনৰ পঞ্জীয়ক, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিজেপিৰ বহু কেইজন দলীয় কাৰ্যকৰ্তাই।সভাত বিশ্ববিদ্যালয় খন আজিৰ তাৰিখত কি পৰ্যায়ত আছে, কি কি কাম কৰিলে ছাএ ছাত্ৰ অধিক উপকৃত হ’ব তাৰ বিষয়ে বিষদভাৱে আলোচনা হয়।

উল্লেখ্য যে পূৰ্বৰ মাধৱদেৱ মহাবিদ্যালয়ত যি সকল শিক্ষাগুৰুৱে শিক্ষাদান কৰি আছিল বিশ্ববিদ্যালয় হোৱাৰ পিছতে তেওঁলোককে বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা হিচাপে নিযুক্তি দিয়ে।সেই সময়ত তেওঁলোকৰ সকলো দিশ চোৱা চিতা কৰিছিল ৰাজ্য চৰকাৰৰ DIRECTOR OF HIGHER EDUCATION য়ে।কিন্তু বিশ্ববিদ্যালয় হোৱাৰ পিছত তেওঁলোকৰ পদোন্নতি আৰু অন্যান্য কাম এতিয়া DHE য়ে নকৰাত যথেষ্ট সমস্যাত পৰিছে শিক্ষক শিক্ষয়িত্ৰী সকল।

আজি বিধায়ক গৰাকীক শিক্ষক শিক্ষয়িত্ৰী সকলে বিষয়টো অৱগত কৰাত বিধায়ক গৰাকীয়েও এই বিষয়ত চৰকাৰৰ লগত আলোচনা কৰি সমাধানৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে।বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি আৰু পাঠদানৰ ক্ষেত্ৰত কেনেদৰে বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষ আগবাঢ়িছে সেই বিষয়ত বিধায়ক গৰাকীক অৱগত কৰে পঞ্জীয়ক শৰৎ হাজৰিকাই।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মান হৈ থকা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, আদিৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে। বিভাগৰ কাৰ্যবাহী অভিজন্তা গৰাকীক খুউব কম দিনৰ ভিতৰত এই সমূহ সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। আজিৰ এই কাৰ্যসূচীত বিধায়ক গৰাকীক সংগ দিয়ে লখিমপুৰ জিলাৰ ৰাজ্যিক সহ প্ৰভাৰী অৰুণজ্যোতি মৰাণ, নাৰায়ণপুৰ নগৰ মণ্ডলৰ সভাপতি বিৰাজ ভূঞা, গাম্য মণ্ডলৰ সভাপতি গুণাৰাম গগৈ, দেউৰী পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰীকে ধৰি
ধৰি বহু কেইগৰাকী কাৰ্যকৰ্তাই।।

You might also like