নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংজ্ঞা ঘূৰি নাহিলঃ অস্ত্রোপচাৰৰ বাবে এনাস্থেছিয়া দিয়া নন্দেশ্বৰ মৰাণ হাস্পতালত মৃত্যু

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  ডিব্রুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড অস্ত্রোপচাৰৰ বাবে সংজ্ঞাহীন কৰিবলৈ ‘এনাস্থেছিয়া’ দিয়া ৰোগীৰ ঘূৰি নাহিল সংজ্ঞা৷ ডিব্রুগডৰ সেউজপুৰৰ ইউৰ’ভিজন নামৰ ব্যক্তিগত নার্ছিং হোমখনত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড৷ পৰিয়ালে অভিযোগ কৰা মতে, নন্দেশ্বৰ মৰাণ নামৰ ৰোগীজনক অস্ত্রোপচাৰৰ বাবে সোমবাৰে সংজ্ঞাহীন কৰাৰ বাবে এনাস্থেছিয়া দিয়াৰ পিছতে পুনৰ জ্ঞান ঘূৰাই নাপালে৷ অভিযোগ মতে, চুবুৰীয়া ৰাজ্য অৰুণাচলৰ মহাদেৱপুৰৰ নন্দেশ্বৰ মৰাণ নামৰ লোকজন প্রস্রাৱ আৰু পায়খানাৰ ৰোগত ভোগাত সু–চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে আনিছিল ডিব্রুগড়ৰ ইউৰ’ভিজন হাস্পতাললৈ৷

যোৱা ২ অক্টোবৰত ৰোগীজনক ব্যক্তিগত চিকিৎসালয়খনলৈ আনি বিশেষজ্ঞ চিকিৎসক এ কে শাণ্ডিল্যৰ তত্ত্বাৱধানত চিকিৎসা কৰাৰ পাছত সোমবাৰে অস্ত্রোপচাৰ কৰাৰ বাবে অস্ত্রোপচাৰ কক্ষত সুমুৱাই এনাস্থেছিয়া বেজী দিয়ে৷ তেতিয়াৰ পৰাই ৰোগীজন একেবাৰে সংজ্ঞাহীন হৈ পৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ আনহাতে উক্ত ঘটনাৰ পাছতে এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত চিকিৎসালয় কর্তৃপক্ষই দুর্ভাগ্যজনক ঘটনা সন্দর্ভত পৰিয়ালৰ সৈতে আলোচনা কৰি বিভিন্ন বিভাগৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসকক আনিছিল যদিও কোনো ফল নধৰিল৷ কালি সন্ধিয়াপর্যন্ত ৰোগীৰ কোনো জ্ঞান ঘূৰি অহাৰ লক্ষণ নেদেখি চিকিৎসালয় কর্তৃপক্ষই ৰোগীক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ বাবে পৰামর্শ দিয়ে৷ পিছত পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে চিকিৎসালয়খনত আৰক্ষী আৰু অর্ধসামৰিক বাহিনী মোতায়েন কৰিবলগাও পৰিস্থিতি হয়৷ প্রস্রাৱ–পায়খানাৰ অসুবিধাৰ বাবে আহি চিকিৎসালয়ত অৱশেষত মৃত্যু হোৱাত শোকত ভাগি পৰে পৰিবাৰ পুত্রসহ আত্মীয়–স্বজন৷ সকলোৱে চিকিৎসালয়খনৰ এনে ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি এনে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে৷

ঘটনা সন্দর্ভত স্থানীয় আৰক্ষীকো গোচৰ তৰি পৰিয়ালৰ লোকে ৰোগীজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও কেইবা ঘণ্টাৰ পূর্বেই ৰোগীজনৰ মৃত্যু হোৱা বুলি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে জানিবলৈ দিয়ে৷ আনহাতে উক্ত ৰোগীজনৰ সন্দর্ভত চিকিৎসক তথা ব্যক্তিগত চিকিৎসালয়খনৰ সঞ্চালক ডাঃ এ কে শাণ্ডিল্যই এয়া ঔষধৰ পার্শ্বক্রিয়া আৰু এনে ঘটনা চিকিৎসা বিজ্ঞানৰ ইতিহাসত বিৰল বুলি মন্তব্য কৰি দুর্ভাগ্যজনক ঘটনাটোৰ বাবে দুখ প্রকাশ কৰে৷ চিকিৎসকে যাৱতীয় সকলো পৰীক্ষা কৰাৰ পিছতে অস্ত্রোপচাৰ কৰিবলৈ সাজু কৰা হৈছিল৷ কিন্তু এনাস্থেছিয়া দিয়াৰ পিছতে ৰোগীগৰাকী একেবাৰে সংজ্ঞাহীন হৈ পৰে৷ ঔষধৰ পার্শ্বক্রিয়া হোৱাৰ ফলতে এনে ঘটনাটো সংঘটিত হোৱা বুলি কৈ এনে ঘটনা কোটিৰ ভিতৰতে ৫–৬জন লোকৰ ক্ষেত্রতহে কেতিয়াবা হয় বুলি ডাঃ শাণ্ডিল্যই মত প্রকাশ কৰে৷ এগৰাকী ৰোগীৰ অস্ত্রোপচাৰৰ বাবে সংজ্ঞাহীন কৰা সময়ত চিকিৎসকৰ কাণ্ডজ্ঞানহীন, অমনোযোগিতাৰ বাবেই সংঘটিত হ’ল নে আন কিবা বিসংগতি সেয়া উচিত তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি আশা কৰা হৈছে৷

You might also like