নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ বালিদেউৰী-দেউৰীপাম পথত দুবছৰেও নিৰ্মাণ নহ’ল দলং-ব্যৱস্থা গ্ৰহণৰ দাবী 

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ মাজুলী সমষ্টিত পথ দলঙৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। সমষ্টিটোৰ বালিদেউৰী-দেউৰীপাম গড়কাপ্টানী পথৰ এটা চিগা অংশত দুবছৰেও দলং নিৰ্মাণ নোহোৱাত বৰ্তমান উক্ত পথেৰে যাতায়ত বন্ধ হৈ পৰিছে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ বিত্তীয় অনুদানেৰে অসম চৰকাৰৰ গ্ৰাম্য পথ সংমণ্ডল গড়কাপ্টানী বিভাগৰ অধীনত প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো  ২০১৯ চনত  ৫,৯৩, ৫১,৩৯৯ কোটি ব্যয় কৰি নিৰ্মাণ কৰা হয় । ২০০৭ চনত প্ৰলয়ংকৰী বানপানীয়ে পথটোত  প্ৰায় ৫০মিটাৰ মান  উটুৱাই নিয়াৰ পিচত আজি পৰ্যন্ত উক্ত চিগা অংশত স্হায়ী ভাবে পকী পুল কিম্বা দলং নিৰ্মাণ কৰা নহ’ল। যাৰবাবে বিগত ১৪ বছৰে উক্ত চিগা অংশত বাৰিষা সময়ত বাঁহৰ দলং নিৰ্মাণ কৰাৰ নামত লাখ লাখ টকা ব্যয় কৰা হ’ল ‌। প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত উক্ত পথটো নিৰ্মাণ কৰাত অঞ্চলৰ জনসাধাৰণে স্বস্তিৰ নি:শ্বাস এৰিছিল ‌যদিও লোকনিৰ্মাণ বিভাগে আজি পৰ্যন্ত চিগা অংশত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ বাবে আঁচনি গ্ৰহণ নকৰাত জনসাধাৰণে দীৰ্ঘ দিন ধৰি ভোগ কৰি অহা সমস্যা, সমস্যা হৈ থাকিল।

আনহাতে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ উপৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী উক্ত পথেৰে অহা যোৱা কৰাটো বন্ধ হৈ পৰাত ডাঙৰ সমস্যা হৈছে। লোকনিৰ্মাণ বিভাগক বালিদেউৰী- দেউৰীপাম পথৰ নামনি বৰবিল অংশৰ চিগা অংশত চলিত বৰ্ষত এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ জনসাধাৰণে আহ্বান জনাইছে ।

input: ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like