নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ কলাপাকানীত মাৰণাস্ত্ৰ দেখুৱাই নিশা বলাৎকাৰ কৰাৰ চাঞ্চল্যকৰ অভিযোগঃ এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ কেইদিন মান পূৰ্বে নিশা মাৰণাস্ত্ৰ দেখুৱাই এজন ব্যক্তিয়ে বলাৎকাৰ কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী গাঁও এখনৰ এগৰাকী বিৱাহিত মহিলাই। কলাপাকানী দ্বিতীয় খণ্ড অঞ্চলৰ সেই মহিলাগৰাকীয়ে যোৱা ৮ নৱেম্বৰৰ দিনা এই সন্দৰ্ভে ধুবুৰী সদৰ থানাত এক এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে।

উক্ত এজহাৰ অনুসৰি যোৱা ৫ নৱেম্বৰৰ নিশা আনুমানিক ২টা মান বজাত শৌচ কৰিবলৈ নিজৰ গৃহৰ পৰা বাহিৰলৈ আহিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ অভিযোগ, সেই সময়ত জনৈক আতাউৰ ৰহমান নামৰ লোক এজনে হাতেৰে মুখত সোপা দিয়াৰ বিপৰীতে জনৈক জাইদুল ইছলাম নামৰ লোক এজনে মূৰলৈ পিস্তল টোঁৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। প্ৰাণৰ মমতাত মনে মনে থকাৰ সুযোগ লৈ সেই লোক দুজনৰ আতাউৰ ৰহমান নামৰ ব্যক্তিজনে তেখেতক বলাৎকাৰ কৰা বুলি এজাহাৰখনত স্পষ্ট ভাৱে উল্লেখ কৰিছে ভুক্তভোগীমহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে নিজৰ এজাহাৰত প্ৰায় ৬ মাহ মান পূৰ্বে আতাউৰ ৰহমান নামৰ সেই ব্যক্তিজনে কুপ্ৰস্তাৱ দিয়াৰ সময়ত চৰিওৱা বুলিও উল্লেখ কৰিছে। উক্ত এজাহাৰ মতে আতাউৰ ৰহমান ধুবুৰী জিলাৰ ভোগডহৰ অঞ্চলৰ বাসিন্দা আৰু অইন জন ব্যক্তি জাইদূল ইছলাম কলাপাকানী ২য় খণ্ড অঞ্চলৰে বাসিন্দা। বলাৎকাৰ কৰা বুলি মহিলাগৰাকীয়ে অভিযোগৰ কৰা আতাউৰ ৰহমান নামৰ ব্যক্তিজন ভোগডহৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী বুলি প্ৰকাশ।

input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like