নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ “এৰি আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ”ৰ বাবে নিৰ্বাচিত “দুৰ্গা- দ্যা ৱাৰিয়ৰ”

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অসমৰ এগৰাকী বলিষ্ঠ নাট্যকাৰ, চিত্ৰনাট্যকাৰ, পৰিচালক তথা অভিনেতা কিশোৰৰ তহবিলদাৰৰ পৰিচালনাৰে প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া কথাছবি “দুৰ্গা-The Warrior” সুদুৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰি আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ বাবে নিৰ্বাচিত হোৱা খবৰে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ইতিমধ্যে গেংটক আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবেও আমন্ত্ৰিত তহবিলদাৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “দুৰ্গা- দা ৱাৰিয়’ৰে” লাভ কৰা এয়া তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় সন্মান৷ ডাঃ উৎপল তহবিলদাৰৰ প্ৰযোজনা তথা কিশোৰ তহবিলদাৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু সুমন দুৱৰাৰ চিত্ৰগ্ৰহণৰে ছবিখন সম্পাদনা কৰিছে দেবাঙ্কৰ বৰগোহাঁইয়ে৷ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাৰ সংগীত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়নৰ শব্দ সংমিশ্ৰণ, মুম্বাইৰ ৰাজেশ যাদৱৰ কালাৰ কাৰেকশ্বন তথা ত্ৰিদিপ তালুকদাৰ আৰু অঙ্কুৰ পাটগিৰিৰ কলা নিৰ্দেশনাৰে ছবিখনত নাম ভুমিকাত অভিনয় কৰিছে অপেছাদাৰী মঞ্চৰ বলিষ্ঠ অভিনেত্ৰী বৰপেটাৰ দীপা দাসে৷ ইয়াৰোপৰি অপেছাদাৰী মঞ্চৰ সবল অভিনেতা অক্ষেন্দ্ৰ দাসৰ লগতে অভিনয় কৰিছে নাটক, ধাৰাবাহিক, চিনেমাৰ অতি জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে.কে.), জয়ন্ত দাস, মহেন্দ্ৰ দাস, ঈশান হাজৰিকা, কবিন দাস, অসীমকৃষ্ণ বৰুৱা, অমন তহবিলদাৰ, চৈয়দ আলম, দীপাঙ্কৰ তালুকদাৰ, হৰ্ষ দাস, জয়ন্ত দাস, জুৰি দেৱী, ৰুমী ভূঞা আদিৰ লগতে নৱগঠিত বজালী জিলাৰ প্ৰায় ৮০০ গৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে৷ স্মৰ্তব্য যে অসমৰ পেচাদাৰী আৰু অপেচাদাৰী মঞ্চৰ এক সুপৰিচিত নাম বজালী জিলাৰ নিত্যানন্দৰ সন্তান কিশোৰ তহবিলদাৰে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাট পৰিচালনা আৰু অভিনয় কৰি ভালেসংখ্যক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰং চেনেলৰ বৰলা কাইৰ কেবাটাও খণ্ডৰ চিত্ৰনাট্য ৰচনা কৰা তহবিলদাৰে কহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ অন্যতম জনপ্ৰিয় “নাগিনীৰ অমৃত দংশন” নাটকখনৰো নাট্যৰূপ দিছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনীয়া ৰাজ্যৰ এৰিত প্ৰতিবছৰে অনুষ্ঠিত এৰি আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ লক্ষ্য হৈছে চলচ্চিত্ৰ নিৰ্মাতাসকলক সম্ভৱপৰ বহল দৰ্শকৰ মাজলৈ যোৱাত সহায় কৰা আৰু একে সময়তে সাধাৰণ জনতাক ডিজিটেল যুগত চিনেমাৰ শক্তি অনুভৱ কৰিবলৈ দিয়া৷ এৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ডিজিটেল মাধ্যমৰ নতুন ধাৰাসমূহ উদযাপন কৰে আৰু গল্প সৃষ্টিৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক, ইন্টাৰেক্টিভ, ৱেব-ভিত্তিক বা বহু-প্লেটফৰ্ম পদ্ধতি ব্যৱহাৰ কৰা ট্ৰেন্সমিডিয়া চলচ্চিত্ৰ নিৰ্মাতাক স্বীকৃতি দিয়ে। এই বৰ্ষৰ এৰি আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ অহা ৯ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব৷ ইয়াৰে লাইভ অনুষ্ঠানটো ৯ ডিচেম্বৰ, ২০২২ তাৰিখে এৰি- পেত মুকলি হ’ব। আনৰ ঘৰে ঘৰে কাম কৰি জীৱন নিৰ্বাহ কৰা বিধবা দুৰ্গাৰ ওঠৰ বছৰীয়া একমাত্ৰ ল’ৰা সন্তানটোক চুলাই মদৰ কোৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ দুৰ্গাই আৰম্ভ কৰা যুজঁখনেৰে চিত্ৰনাট্যকাৰ, পৰিচালক কিশোৰ তহবিলদাৰে চুলাই আৰু বিলাতী মদে সমাজখনক কেনেকৈ ফপোলা কৰি পেলাইছে তাকেই প্ৰতিফলন কৰা “দুৰ্গা- দ্যা ৱাৰিয়’ৰ” ছবিখন ২০২৩ বৰ্ষৰ ছেপ্তেম্বৰ মাহত ছবিঘৰলৈ আহিব৷

 

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like