জোনাইত সন্মিলিত গণশক্তি অসম দলৰ বিশাল যোগদান সমাৰোহ
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ কংগ্ৰেছ আৰু এ আই উ ডি এফ শাসনৰ বাহিৰত ৰাখিবৰ বাবে বিজেপি আৰু সন্মিলিত গণ শক্তি অসম দলে মিত্ৰতা কৰিছিল, লগতে ‘২১ৰ নিৰ্বাচনত এই মিত্ৰতা শক্তি অটুট থাকিব বুলি মন্তব্য কৰে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে দুই দলৰ মিত্ৰতা হোৱা নাই বুলি আজি জোনাই গণশক্তি দলৰ যোগদান সমাৰোহত উপস্থিত থাকি মন্তব্য কৰে৷
সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লক সমিতিৰ উদ্যোগত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত আজি আনুষ্ঠানিক সদস্য ভৰ্তি অনুষ্ঠানৰ সভাপতিত্ব কৰে সন্মিলত গণশক্তি অসম দলৰ দলৰ সভাপতি ৰাজু মেদক, উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ আগবঢ়ায় জোনাই ব্লকৰ সম্পাদক সন্মিলত গণ শক্তি অসম দলৰ সুবল হাজঙে৷
সন্মিলিত গণশক্তি অসম দলৰ বিশাল যোগদান সমাৰোহত জোনাই বিধায়ক ভুবন পেগুৰ উপস্থিতিত আজি শতাধিকৰো অধিক কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিজেপি আৰু এজিপি কৰ্মী সন্মিলিত গণশক্তি দলত যোগদান কৰে জোনাইত৷ ইয়াৰে কংগ্ৰেছ দলৰ ৩০জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৬৩জন, বিজেপি-এজিপি দলৰ ৫৭ জনসহ মুঠ ১৫০জন কৰ্মীয়ে যোগদান কৰে সন্মিলিত গণশক্তি অসম দলত৷
সভাত উপস্থিত থাকে সন্মিলত গণ শক্তি অসম কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক ববিকান্ত পেগু, কেন্দ্ৰীয় কমিটিৰ মুখপাত্ৰ ক্ষীৰোদ ভূঞা, জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদক, কাৰ্যকৰী সভাপতি বীৰবাহাদুৰ লিম্বু, জোনাই ব্লক সমিতি, জোনাই ব্লক সমিতি সম্পাদক অচ্যুত দলে, সুবল হাজং, উপ-সভাপতি কমলা শৰ্মা, যুটীয়া সম্পাদক দীননাথ উপাধ্যায়, জয়ন্ত বৰি, নবীন কামান, টি এম এম কে জোনাই সমিতি সভাপতি মলয়া বৰি, নাৰী মুক্তি জোনাই ব্লক সমিতি সম্পাদিকা বিনীতা চাৰহৰ লগতে জোনাই পঞ্চায়তসমূহৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে৷