নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিকিৰ বামুণী গ্রাণ্টৰ কৃষকৰ পক্ষত ন্যায়ালয়

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ দীর্ঘ প্রতীক্ষাৰ অন্তত নগাঁও আৰু কার্বি আংলং জিলাৰ সীমান্তৱর্তী নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনস্থ মিকিৰ বামুণী গ্রাণ্টৰ কৃষকসকলৰ বাবে সাময়িক সকাহ প্রদান কৰিছে উচ্চ ন্যায়ালয়ে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মিকিৰ বামুণী গ্রাণ্টৰ কৃষিভূমিত স্থিতাৱস্থা বাহাল ৰখাৰ নির্দেশ জাৰি কৰিছে৷ মিকিৰ বামুণী গ্রাণ্টৰ এই ৰায়তী কৃষকসকলৰ কৃষিভূমি বলপূর্বক উচ্ছেদ চলোৱা কার্যৰ বিৰুদ্ধে আৰু কৃষকৰ ভূমিৰ অধিকাৰ ঘূৰাই পোৱাৰ দাবীত কৃষকসকলে আজি ৩ মাহ ধৰি আন্দোলন চলাই আহিছে৷ শেহতীয়াভাৱে ২৬ জানুৱাৰীৰ পৰা এই কৃষকসকলে অবিৰত সংগ্রাম চলাই আছে৷ উল্লেখ্য যে অসম চৰকাৰে বহু জাতিক কোম্পানী এজিউৰ পাৱাৰ প্রাইভেট লিমিটেডক সৌৰশক্তি প্রকল্প স্থাপনৰ বাবে এই ৰায়তী কৃষকসকলৰ ভূমি হস্তান্তৰ কৰিছিল৷ ১৯৮১ চনতে ৰায়তী খতিয়ানপ্রাপ্ত এই কৃষকসকলৰ ভূমিত ১০ বছৰ ধৰি খেতি কৰা নাই আৰু হাতী কৰিড’ৰ নহয় বুলি চামগুৰি ৰাজহ চক্রৰ বিষয়া আৰু নগাঁও জিলা বন বিভাগে ভুৱা প্রতিবেদন দি এই ৰায়তী কৃষকসকলক উচ্ছেদ কৰাৰ ষডযন্ত্র কৰিছিল৷ এই ৰায়তী খতিয়ানপ্রাপ্ত কৃষকসকলে ভূমি হস্তান্তৰৰ বিৰুদ্ধে নগাঁও জিলা আদালতত দাখিল কৰা এখন আবেদন দেৱানী আদালতে খাৰিজ কৰিছিল৷ নগাঁৱৰ দেৱানী আদালতৰ ৰায়ৰ বিৰুদ্ধে একাংশ কৃষকে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা

এখন আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে মিকিৰ বামুণী গ্রাণ্টৰ ভূমিত কৃষকসকলৰ অধিকাৰ সন্দর্ভত স্থিতাৱস্থা বাহাল ৰখাৰ নির্দেশ দিয়ে৷ তদুপৰি আদালতে অসম চৰকাৰ, নগাঁও জিলা প্রশাসন, এজিউৰ পাৱাৰ কোম্পানীসহ ১৪টা পদকীয়া পক্ষক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে৷ আদালতৰ এই নির্দেশক লৈ মিকিৰ বামুণী গ্রাণ্টৰ কৃষকসকল উৎফুল্লিত হৈ উঠিছে৷ নিখিল ভাৰত কৃষক সভা, চি পি আই, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, অসম জাতীয় পৰিষদ, চি পি আই (এম এল), কৃষক মুক্তি সংগ্রাম সমিতিয়ে এই আন্দোলনত সহযোগিতা আগবঢ়াইছিল৷ আন্দোলনকাৰী কৃষক–মহিলাৰ ওপৰত আৰক্ষীয়ে বর্বৰ নির্যাতন চলাইছিল৷ আনকি গর্ভৱতী মহিলাও সাৰি যোৱা নাছিল৷ আৰক্ষীয়ে প্রথম অৱস্থাত ১৪জন কৃষকক গ্রেপ্তাৰ কৰিছিল যদিও পাছত তেওঁলোকক জামিনত যাবলৈ সক্ষম হয়৷ বিগত বর্ষৰ ২৯ ডিচেম্বৰত বুকু মার্ডি, ভাইটি তিমুং, চিকাৰী ৰংপি আৰু লক্ষীৰাম মার্ডিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত এই চাৰিজন কৃষকে জামিন লাভ কৰিছে বুলি মিকিৰ বামুণী গ্রাণ্টৰ কৃষক আন্দোলনৰ নেতা ৰাতুল বৰাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷ বামুণী গ্রাণ্টৰ কৃষকৰ হৈ আইনী সাহায্য প্রদান কৰা উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষ্ণ গগৈ, ৰাহুল শেনছোৱা, মনোজ দেউৰী, সীমান্ত দাস, দিগন্ত ৰাজখোৱা, কিশোৰ কলিতা আৰু নগাঁৱৰ অধিবক্তা পংকজ ডেকাসহ তেওঁলোকৰ লগত জডিত দলটোক কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি কৃষক নেতা ৰাতুল বৰাই জানিবলৈ দিয়ে৷

You might also like