নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–মেঘালয় সীমান্তৰ দুর্গম অঞ্চলত উদ্ধাৰ মির্জাৰ অপহৃত ব্যৱসায়ী

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ পলাশবাৰীৰ মির্জাত যোৱা ২০ ফেব্রুৱাৰীৰ নিশা অপহূত ব্যৱসায়ী মুনীন্দ্র তালুকদাৰ ওৰেফে মণিক আৰক্ষীয়ে অসম–মেঘালয় সীমান্তৰ দুর্গম স্থানৰ পৰা উদ্ধাৰ কৰে৷ অপহৰণৰ দিনাই কামৰূপ জিলা আৰক্ষী অধীক্ষকসহ পলাশবাৰী আৰক্ষীয়ে উপস্থিত হৈ ঘটনাস্থলীত এটা খালী মেগজিন উদ্ধাৰ কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছিল৷ এই ঘটনাক লৈ মির্জা অঞ্চলত আতংকৰ সৃষ্টি হৈছিল৷ কোনে কিয় অপহৰণ কৰিলে সেয়া স্পষ্ট হোৱা নাছিল৷ অৱশেষত ১০ দিনৰ অন্তত যোৱানিশা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত উপ–আৰক্ষী অধীক্ষক কল্যাণজিৎ তালুকদাৰ আৰু পলাশবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া সত্যেন্দ্র সিং হাজাৰীৰ সহযোগত এটা আৰক্ষীৰ দলে এক বিশেষ সূত্রৰ পম খেদি অসম –মেঘালয় সীমান্তৱর্তী চানডুবিৰ কাষৰীয়া দুর্গম পাহাৰৰ ঘন জংগলৰ পৰা মুনীন্দ্র তালুকদাৰ ওৰফে মণিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মণিক অপহৰণত জডিত তিনি অপহৰণকাৰী ক্রমে ৰাহুল প্রধান (লোহাৰঘাট), খ্রীষ্ট বসুমতাৰী (বাক্সা) আৰু আশ্রফ আলী (বৰপেটা)ক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ অপহৰণত জডিত আন চাৰিজন অভিযুক্ত ক্রমে বিনয় বডো, প্রাঞ্জল ৰাভা, বৰলা ৰাভা আৰু গণেশ দাস পলাতক হৈ আছে৷

উল্লেখ্য যে কিছুদিন পূর্বে মণিক অপহৰণত অভিযুক্ত চাৰিজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ ঘটনা সন্দর্ভত আজি পলাশবাৰী আৰক্ষী থানাত এখন সংবাদ মেলৰ আয়োজন কৰি ঘটনাক্রম অৱগত কৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে৷ সেই অনুসৰি ব্যৱসায়ী মুনীন্দ্র তালুকদাৰ অপহৰণ হোৱা দিনৰেই পৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি অৱশেষত কালি পুৱা ৮ বজাৰ পৰা অভিযান চলাই নিশা ১ বজাত উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাণ্ডৰ লগ জডিত সাতজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই অপহৰকাৰী দলটোত বিভিন্ন জিলাৰ লোক জডিত হৈ থকা বুলি আৰক্ষী অধীক্ষক ৰায়ে উল্লেখ কৰি অতিশীঘ্রে ঘটনাৰ লগত জডিত বাকীসকল জালত পৰিব বুলি মন্তব্য কৰে৷ লগতে অপহৰণকাৰী দলটোৱে মুনীন্দ্র তালুকদাৰ ওৰফে মণিৰ মুক্তিৰ বিনিময়ত পৰিয়ালবর্গক পাঁচ কোটি টকা দাবী কৰিছিল৷ সেই ধন আদায় নিদিলে বুলিও আৰক্ষী অধীক্ষক ৰয়ে জানিবলৈ দিয়ে৷ আনহাতে, অপহূত মুনীন্দ্র তালুকদাৰে অপহৰণ হোৱা সময়ৰে পৰা কেনেকৈ দহটা দিন পাহাৰীয়া ঘন জংঘলত মুকলি আকাশৰ তলত কটাইছিল সাংবাদিকৰ সন্মুখত তাৰ শিহৰণকাৰী বর্ণনা কৰে৷ তালুকদাৰক অপহৰণকাৰীয়ে পাহাৰীয়া ঘন জংঘলত শিকলিৰে ভৰিত বান্ধি থৈ অনাহাৰে–নিদ্রাই সময় অতিবাহিত কৰাইছিল৷ আৰক্ষীয়ে ৰচা চক্রবেহুৰ পৰা সাৰিব নোৱাৰাৰ উমান পাই অপহৰণকাৰীৰ দলটোৱে যোৱানিশা পাহাৰৰ পৰা তেওঁক এৰি দিয়া বুলি জানিবলৈ দিছিল৷ পাছত আৰক্ষীয়ে আধা বাটত তেওঁক লগ পাইছিল বুলি জানিবলৈ দিয়ে৷

You might also like