নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত মন্ত্ৰী পীয়ূষ হাজৰিকাঃ ‘কংগ্ৰেছৰ দিনত ফাকি-ফুকাত চৰকাৰ চলিছিল’

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ক্ৰমাৎ ওচৰ চাপি আহিছে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। শাসক-বিৰোধী উভয়ে নিজা নিজা সমষ্টিত ব্যাপকভাৱে প্ৰচাৰ কাৰ্য আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে আজি তিতাবৰত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। মন্ত্ৰী গৰাকীয়ে তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ কক্ষত বিজেপি আৰু অগপ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী, পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মণ্ডল সভাপতি, সাধাৰণ সম্পাদক, জিলা কাৰ্যকৰ্তাৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

আলোচনাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীয়ূষ হাজৰিকাই ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনত তিতাবৰৰ দহটা সমষ্টিতেই জয়লাভ কৰাতো নিশ্চিত বুলি দৃঢ়তাৰে উল্লেখ কৰি কয় যে যোৱা সময়খিনিত তিতাবৰত কংগ্ৰেছ অলপ শক্তিশালী আছিল। কিন্তু বিগত আঠ মাহত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰৰ কাম কাজ সমূহ ৰাইজে খুব আন্তৰিকতাৰে গ্ৰহণ কৰিছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কাম কৰাৰ বাবে তুংগত আৰোহণ কৰিছে। গতিকে ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সকলো ৰাইজে আমাৰ বিজেপি আৰু এজিপি দলৰ প্ৰাৰ্থী সকলক ভোট দিয়াতো নিশ্চিত। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আগতে ফাকি-ফুকাত কংগ্ৰেছ চৰকাৰ চলি আছিল। গতিকে কংগ্ৰেছৰ দিনৰ ফাকি-ফুকাৰ চৰকাৰ লাগে নে এখন ভাল চৰকাৰ লাগে সেয়া ৰাইজে আজি চিন্তা কৰিব পৰা হ’ল। গতিকে এইবাৰ আগন্তুক লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন সকলোতে বিজেপি মিত্ৰযোঁট জিকাতো নিশ্চিত। আৰু ইয়াৰ মূল খুটিটো এইবাৰ ঠেঙাল কছাৰী নিৰ্বাচনত পুতিম বুলি প্ৰকাশ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

আজিৰ আলোচনাত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি উপস্থিত আছিল। উল্লেখ্য যে তিতাবৰ মহকুমাৰ পৰিষদৰ দহটা সমষ্টিত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ভোটাৰ কাষ চাপিবলৈ দিনে-ৰাতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী ১ নং নগাবাট সমষ্টিত বিপুল কছাৰী, ২ নং বৰহোলা সমষ্টিত মনচুমী পাঠক, ৩ নং মাধপুৰ সমষ্টিত প্ৰতাপ কছাৰী, ৫ নং দিহিঙীয়া সমষ্টিত প্ৰকাশ শইকীয়া, ৬ নং তিতাবৰ সমষ্টিত বন্তি শইকীয়া, ৭ নং চামগুৰি সমষ্টিত পুলক কছাৰী, ৮ নং বৰুৱাজান সমষ্টিত কুমুদ কছাৰী, ৯ নং জালুকণিবাৰী সমষ্টিত শ্যামল কৃষ্ণ বড়াই নিজা ৰণনীতিৰে ভোটাৰৰ মাজত সোমাই পৰিছে। নগাবাট সমষ্টিৰ বিপুল কছাৰী, মাধপুৰ সমষ্টিৰ প্ৰতাপ কছাৰী, দিহিঙীয়া সমষ্টিৰ প্ৰকাশ শইকীয়াই ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটদানৰ আহ্বান জনাইছে। বিজেপি মিত্ৰযোঁটৰ এইসকল প্ৰাৰ্থীৰ বিপৰীতে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও সমষ্টিটোত জোৰদাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও সমষ্টি কাৰ দখলত থাকিব সেয়া নিৰ্বাচনৰ পিছতহে স্পষ্ট হ’ব।

প্ৰতিবেদক : অজয় শইকীয়া, নগাবাট

You might also like