নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীক ধর্ষণ হত্যাক লৈ উত্তপ্ত ঢ়েকীয়াজুলি

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ চপাই বালিগাঁৱত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা এক নিদাৰুণ ঘটনা৷ অসৎ মনোবৃত্তি চৰিতার্থ কৰাৰ বাবেই অচিনাক্ত দুর্বৃত্তই পিতৃ কর্মসূত্রে মণিপুৰত থকা অৱস্থাত পথাৰৰ মাজৰ নির্জন স্থানত বাস কৰা একেটা পৰিয়ালৰ মাতৃক হত্যা কৰি ভগ্ণীক মুমূর্ষুপ্রায় কৰি পৰিত্যক্ত অৱস্থাত পেলাই থৈ ১২ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধর্ষণ কৰি নির্মমভাৱে হত্যা কৰি ধাননি পথাৰত পেলাই থৈ যোৱা ঘটনাই তীব্র চাঞ্চল্য বিৰাজ কৰিছে শ্বহীদ নগৰী ঢ়েকীয়াজুলিত৷ স্থানীয় পাঁচ শতাধিক লোকে আজি চপাই বালিগাঁও পথাৰত হত্যাকাৰীক গ্রেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, অসম আৰক্ষী হায় হায় শ্লোগানেৰে তীব্র প্রতিবাদী কার্যসূচী গ্রহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ মাতৃক চোকা অস্ত্রৰে খুঁচি হত্যা কৰি সৰু ভগ্ণীক চোকা অস্ত্রৰে আঘাত কৰি মুমূর্ষুপ্রায় অৱস্থাত পেলাই থৈ ১২ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধর্ষণ কৰি হত্যা কৰা উক্ত মর্মান্তিক ঘটনাই জোকাৰি গৈছে বৃহত্তৰ ঢ়েকীয়াজুলি অঞ্চল৷

উল্লেখ্য যে ঢ়েকীয়াজুলি থানাৰ অধীনৰ ৰাক্ষসমাৰী আৰক্ষী চকীৰ অন্তর্গত চপাই বালিগাঁৱৰ জিলি ৰাভা (৪৩) নামৰ মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ জীয়ৰী সেৱা ৰাভাক (৪) ২০ ফেব্রুৱাৰীৰ নিশা নিজ গৃহত অচিনাক্ত দুর্বৃত্তই চোকা অস্ত্রৰে খুঁচি আঘাত কৰাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জিলি ৰাভা নামৰ মহিলাগৰাকীয়ে মৃত্যুবৰণ কৰে ৷ আনহাতে জীয়ৰী সেৱা ৰাভাকো দুর্বৃত্তই চোকা অস্ত্রৰে আঘাত কৰাত সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰা হৈছিল যদিও চাৰি বছৰীয়া শিশুটি বর্তমান সংকটমুক্ত হৈ ঘৰলৈ উভতিছে৷ মৃত মহিলাগৰাকীৰ আন এগৰাকী ১২ বছৰীয়া জীয়ৰী দেওবাৰে নিশাৰ পৰাই সন্ধানহীন হৈ আছিল যদিও ৰহস্যজনকভাৱে আজি পুৱা চপাই বালিগাঁৱৰ পথাৰত নিজ গৃহৰ পৰা দুই কিলোমিটাৰ আঁতৰত সম্পূর্ণ উলংগ অৱস্থাত ধাননি পথাৰত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷ মানৱতাক কলুষিত কৰা জঘন্য ঘটনা সংঘটিত হোৱাৰ চাৰি দিন পিছতো দোষীক কৰায়ত্ত কৰিব নোৱাৰাৰ লগতে আজি কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত উত্তেজিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ আৰক্ষী প্রশাসনক চমজাই দিবলৈ অমান্তি হৈ স্থানীয় পাঁচ শতাধিক লোকে চপাই বালিগাঁও পথাৰত ‘হত্যাকাৰীক গ্রেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, অসম আৰক্ষী হায় হায়’ শ্লোগানেৰে তীব্র প্রতিবাদী কার্যসূচী গ্রহণ কৰি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি শীঘ্রেই দোষীক কৰায়ত্ত কৰাৰ দাবী তোলে৷ তিনি ঘণ্টা সময় প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ অন্তত ঘটনাস্থলীত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী উপস্থিত হোৱাত বিষয়াগৰাকীয়ে শীঘ্রেই দোষীক কৰায়ত্ত কৰাৰ আশ্বাস প্রদান কৰাতহে আৰক্ষী প্রশাসনক মৃতদেহ চমজাই দিয়ে ৰাইজে৷

পৰৱর্তী সময়ত প্রতিবাদৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে আৰক্ষীয়ে৷ মৃতদেহটো সম্পূর্ণ উলংগ অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্র কৰি দুর্বৃত্তই কিশোৰীগৰাকীক ধর্ষণ কৰি অমানৱীয়ভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজৰ লগতে ৰাভা উন্নয়ন পৰিষদৰ বিষয়ববীয়াই৷ ঘটনা সন্দর্ভত স্থানীয় ৰাইজে জনায় যে চপাই বালিগাঁৱৰ একেবাৰে ভিতৰৰ ধাননি পথাৰৰ মাজত ৰাইজৰ কোলাহলৰ পৰা দুই কিলোমিটাৰমান আঁতৰত স্বামী মুন্না ৰাভা কর্মসূত্রে মণিপুৰত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ ৱাটাৰ ছাপ্লাইৰ টেংকী নির্মাণ কৰা কামত নিয়োজিত থকা হেতু দুই কন্যা সন্তান পূৰৱী আৰু সেৱাক লৈ জিলি ৰাভাই কোনো দুৱাৰ–খিৰিকী নথকা এটা জুপুৰি ঘৰত দুবছৰ ধৰি বাস কৰিছিল৷ দুর্বৃত্তই নির্জন স্থানৰ লগতে ভগা জুপুৰিৰ সুযোগ লৈ শনিবাৰে নিশা মাতৃক হত্যা কৰি সৰু কন্যাক গুৰুতৰভাৱে চোকা অস্ত্রৰে আঘাত কৰি ১২ বছৰীয়া কন্যাক অপহৰণ কৰি ধর্ষণ কৰি হত্যা কৰে বুলি জনায়৷

ঘটনা সংঘটিত হোৱাৰ পিছতে মাতৃ জিলি ৰাভাই মুমূর্ষু অৱস্থাত যেনেতেনে গৈ ঘটনাস্থলীৰ পৰা ডেৰ কিলোমিটাৰ আঁতৰত থকা ৰাইজক অৱগত কৰাত স্থানীয় ৰাইজে নিশাৰ ভিতৰতে মাতৃ জিলি ৰাভা আৰু সৰু কন্যা সেৱা ৰাভাক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰিছিল যদিও চিকিৎসা মহাবিদ্যালয়তে শেষ নিশ্বাস ত্যাগ কৰে জিলি ৰাভাই৷ ৰাভা উন্নয়ন পৰিষদৰ উপ–সভাপতি প্রফুল্ল ৰাভা, শোণিতপুৰ জিলা ৰাভা ছাত্র সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰাভা, ৰাভা উন্নয়ন পৰিষদৰ মুখ্য সম্পাদক বকুল ৰাভা, ৰাভা উন্নয়ন পৰিষদৰ উপ–সভাপতি ৰিপেন ৰাভাৰ লগতে শোণিতপুৰ জিলা ৰাভা উন্নয়ন দাবী পৰিষদৰ সাধাৰণ সম্পাদক বিনোদ ৰাভাই মানৱ সমাজক লজ্জানত কৰা সমগ্র ঘটনাৰ তীব্র গৰিহণা দিয়াৰ লগতে ধিক্কাৰ দি মাতৃ–কন্যাক নির্মমভাৱে হত্যা কৰা দোষীক শীঘ্রেই গ্রেপ্তাৰ কৰি দুর্ভগীয়া পৰিয়ালটোক ন্যায় প্রদান কৰাৰ লগতে উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে ঘটনা সন্দর্ভত কোনো লোককে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও হত্যাকাণ্ডৰ ঘটনাত জডিত থকাৰ সন্দেহত সোধা–পোছাৰ বাবে সাতগৰাকী লোকক আৰক্ষীয়ে আটক কৰি ঢ়েকীয়াজুলি থানালৈ লৈ আনিছিল যদিও উপযুক্ত প্রমাণৰ অভাৱত লোককেইজনক মুকলি কৰি দিয়া হৈছে বুলি জনায় ঢ়েকীয়াজুলি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া চিদানন্দ বৰাই৷ ঢ়েকীয়াজুলি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে লগতে হত্যাকাণ্ড সন্দর্ভত শোণিতপুৰ জিলাৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ দলক অনুসন্ধানৰ বাবে দায়িত্ব অর্পণ কৰা হৈছে৷ বর্তমান তদন্ত সঠিক দিশতে আগবাঢ়িছে আৰু শীঘ্রেই অপৰাধীক কৰায়ত্ত কৰিব পৰা যাব বুলি সাংবাদিকক জনায়৷

You might also like