নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুকামুখ অভিমুখী বৃহৎ নদীবান্ধৰ টাৰ্বাইন ভৰ্তি চাৰিখনকৈ ট্ৰাক জব্দ বিজনী আঞ্চলিক আছুৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ বিজনীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আছুৰ অভিযান। অভিযানত গেৰুকামুখ অভিমুখী বৃহৎ টাৰ্বাইন ভৰ্তি চাৰিখনকৈ ট্ৰাক জব্দ বিজনী আঞ্চলিক আছুৰ। বিজনীৰ দহলাপাৰাস্থিত টোল গেটত আবদ্ধ কৰে টাৰ্বাইন ভৰ্ত্তি ট্ৰাক সমূহ। আছুৰ এক খবৰৰ ভিত্তিত NHPC য়ে গেৰুকামুখস্থিত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বাবে ট্ৰাকত টাৰ্বাইন কঢ়িয়াই লৈ যোৱা খবৰ লাভ কৰি এই অভিযান চলায় বুলি জানিব দিয়ে। আছু কৰ্মী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, NHPC গ’ বেক, NHPC মুৰ্দাবাদ আদি শ্লোগান প্ৰদান কৰি উত্তাল কৰি তোলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। আছুৱে বৃহৎ নদীবান্ধ কেতিয়াও হ’ব নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে আৰক্ষীয়ে আছু কৰ্মীৰ লগত কৰা তৰ্ক-যুদ্ধ আৰু বনীক গোষ্ঠীৰ লগত কৰা মিতিৰালীৰ ভূমিকাক ধিক্কাৰ জনায় বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সৌৰভজ্যোতি সূত্ৰধৰ।

You might also like