নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চমকঙত আজিৰে পৰা আদি-মিচিং বাঃনে কৌবাঙৰ সভা

নিয়মীয়া বাৰ্তা,২৮ নবেম্বৰঃ আজিৰে পৰা ধেমাজি জিলাৰ চমকঙত আৰম্ভ হৈছে আদি-মিচিং বাঃনে কৌবাঙৰ বৰ্ধিত সভা। অনুষ্ঠানৰ আজি দুপৰীয়া ১২ বজাত প্ৰতিনিধি পঞ্জীয়ন। কাইলৈ অৰ্থাৎ ২৯ নবেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব আদি-মিচিং বাঃনে কৌবাঙৰ সভাপতি ৰাজু মেদকে।পুৱা ১০ বজাত প্ৰতিনিধি শিবিৰ উদ্ধোধন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি শচীন দলেই। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হবলগা মুকলি সভাখন উদ্ধোধন কৰিব মিচিং বাঃনে কৌবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই। আদি-মিচিং বাঃনে কৌবাঙৰ প্ৰধান সম্পাদক অকম ইয়চুঙে আদৰণি ভাষন আগবঢ়াব লগীয়া মুকলি সভাখনত আদ-মিচিঙৰ ইতিহাসৰ ওপৰত ভাষন আগবঢ়াব পাছিঘাটৰ এন.লেগ’, শিক্ষক ড৹ গিন্দু বৰাং আৰু মেবুৰ ড৹ অলিং ৰাটাঙে। অনুষ্ঠানত আৰ্থ-সামাজিক উন্নয়নৰ বিষয়ৰ ওপৰত আলোচনা আগবঢ়াব ধেমাজিৰ বিধায়ক ডাঃ ৰনোজ পেগু আৰু আদি বাঃনে কৌবাঙৰ সভাপতি গেটম বৰাঙে। মুকলি সন্মানিত অতিথি হিচাপে জোনাইৰ বিধায়ক ভূবন পেগু,টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং,আদি ছাত্ৰ সন্থাৰ সভাপতি নাং গাও,এমএমকেৰ সভাপতি সুনীল পেগু,টিএমএমকেৰ সভানেত্ৰী ঊষাৰাণী কুম্বাঙ, আদি বাঃনে কৌবাঙৰ মহিলা শাখাৰ সভানেত্ৰী মেগু দালিন, মিচিং আগম কৌবাঙৰ সভাপতি গোবিন্দ টাইড,মিচিং দৃঃৰবৃ কৌবাঙৰ সভাপতি সূৰুজ কুমাৰ পাতিৰি,আদি আগম কৌবাঙৰ সভাপতি কালিং বৰাং,আদি কালচাৰেল এণ্ড লিটেৰেৰী ছ’চচাইটিৰ সভাপতি বাচালুং জামু, টিএমপিকেৰ সাধাৰণ সম্পাদক তিলক দলে প্ৰমুখ্যে বহু সংখ্যক আদি আৰু মিচিং জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব।অসম, অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা অনুষ্ঠানৰ বিয়লি ৩ বজাত আদি-মিচিং বাঃনে কৌবাঙৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া বাচনি কৰা হব। সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠানৰ।

You might also like