নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন্ন

ছাত্ৰ-ছাত্ৰীৰ উপৰি উঠি অহা নতুন প্ৰজন্মৰ সৃষ্টি বিজ্ঞান মানসিকতাৰ উদ্বুদ্ধ কৰি তোলাৰ নিমিত্তে বিজ্ঞান শিক্ষাৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ, অসমৰ অন্তৰ্গত ধেমাজি জিলাৰ  মুৰ্কংচেলেক ব্লকৰ  উদ্যোগত আজি জোনাইত ব্লক পৰ্য্যায়ৰ এখনি  প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এই প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে জোনাই জনসংযোগ বিষয়া সৌভিক ভূঞাই৷ সাম্প্ৰতিক কভিড-১৯ সৃষ্টি কৰাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত সীমিত সংখ্যক বিদ্যালয়ৰ ছাত্র- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰৰ সম্বনয়ক প্ৰদীপ কুমাৰ গগৈয়ে আঁত ধৰা আজিৰ অনুষ্ঠানত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, প্ৰকৃতি প্ৰেমী নেচাৰ্চ বেকনৰ সক্ৰিয় কৰ্মী তথা শিক্ষক তুষেশ্বৰ মিৰি আগৰৱালা, সাংবাদিক ৰয়েল পেগু, মনোজ প্ৰজাতিৰ আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা আজিৰ অনুষ্ঠানৰ সভাপতিত্ব কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰটোৰ সঞ্চালক পি.এন দাৰিকে৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা মডেল প্ৰতিযোগিতাত প্ৰথম জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ থমাচ পায়েং, দ্বিতীয় জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্র অভিজিত জলে , তৃতীয় থ্ৰী জে হাই স্কুলৰ ছাত্র চান্দাম হুছেইন৷ চিত্ৰাঅংকণ প্ৰতিযোগিতাত প্ৰথম জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র অনিল টায়ে, দ্বিতীয় জোনাই ফ্ৰান্সিলিয়ান হাইস্কুলৰ ৰশ্মি পেগু, তৃতীয় মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তেজি বনিয়া, আকস্মিক বক্তৃতাত প্ৰথম লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জানমনি কুলি, দ্বিতীয় জোনাই থ্ৰী জে স্কুলৰ তপচ দাস , তৃতীয় মেনাম পাতিৰ আৰু বিজ্ঞান ধাৰণা প্ৰতিযোগিতাত একমাত্ৰ পুৰষ্কাৰ প্ৰাপ্ত প্ৰদান কৰা হয় জোনাই ফ্ৰান্সিলিয়ান হাই স্কুলৰ জেচমিন পেগুক৷ উল্লেখযোগ্য যে আজি অনুষ্ঠিত আৰ্যভট্ৰ বিজ্ঞান প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা প্ৰতিযোগী সকল জিলা পৰ্যায়ৰ প্ৰতিযোগিতা ত অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰতিযোগিতা সমূহৰ বিচাৰকৰ আসনত আছিল ক্ৰমে বিজ্ঞান মহাবিদ্যলয়ৰ প্ৰবক্তা পলাশ হাজৰিকা, জোনাই বালিকা মহাবিদ্যালয়ৰ প্ৰবক্তা গৌতম পেগু, ধেমাজিৰ আৰ্ট স্কুলৰ শিক্ষকৰজনী সন্দিকৈ, শিক্ষক কন্যাৱতী পেগু, জোনাই কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ শ্বেয়াশ্ৰী দাৰিক, বিষয় শিক্ষক সঞ্জীৱ টাইড, কস্মিতা পেগু, বিনীতা গগৈ, অঞ্জনা টায়ুঙে৷ সামৰণি তথা বটা বিতৰনী অনুষ্ঠানৰ পৰিচালনা কৰে প্ৰানজিৎ পেগুৱে৷ প্ৰতিযোগিতা সমূহৰ সফলতা দেখুওৱা ছাত্র -ছাত্ৰী সকলক একোখন কৈ মানপত্ৰ আৰু একোখন কিতাপেৰে পুৰস্কৃত কৰা হয়৷

You might also like