নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো–ছয়গাঁৱত ৪০ লক্ষাধিক টকাৰ গাঞ্জা ধ্বংস

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ কামৰূপ জিলাৰ কো আৰু ছয়গাঁও সমষ্টিৰ অন্তর্গত ছমৰীয়াপাম, হাঁহচৰীত কালি আবকাৰী বিভাগে অবৈধ গাঞ্জাৰ বিৰুদ্ধে হঠাৎ অভিযান চলায়৷ জানিব পৰা মতে কামৰূপ জিলা আবকাৰী বিভাগৰ পৰিদর্শক মানসপ্রতিম শর্মা, সহকাৰী পৰিদর্শক দিলীপ কলিতা আৰু অসম আৰক্ষীৰ সহকাৰী উপ–পৰিদর্শক গিয়াছউদ্দিন আহমেদৰ নেতৃত্বত সোণতলী আৰক্ষীৰ সহযোগত বিয়লি ২ বজাৰ পৰা সন্ধিয়ালৈ হাঁহচৰী, ছমৰীয়াপাম গাঁৱত অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক হঠাৎ অভিযান চলায়৷

দলটোৱে অভিযানকালত পোন্ধৰটা পৰিয়ালৰ মুঠ ১৬০ জোপা গাঞ্জা গছ কাটি ধবংস কৰে৷ উল্লেখ্য যে ৩১ ডিচেম্বৰত সোণতলীত তিনিজন গাঞ্জা খেতিয়কৰ লগতে গাঞ্জা ৱসায়ীয়ে স্কুলীয়া ছাত্র এগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷ ইপিনে অবৈধ গাঞ্জা, মদ, ড্রাগছৰ ব্যৱসায় আৰু বিভিন্ন অসামাজিক কার্যকলাপৰ বিৰুদ্ধে বিগত কেইবাদিনো ধৰি এই কাকতত বাতৰি প্রকাশিত হৈছিল৷ ধাৰাবাহিক বাতৰি প্রকাশৰ পিছত বকাৰী বিভাগৰ শীর্ষ বিষয়াই অভিযান চলাই আনুমানিক ৪০ লক্ষাধিক টকাৰ গাঞ্জা গছ ধ্বংস কৰে৷

You might also like