নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্র সন্ধানহীন

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্র অমিতৰাজ দৈমাৰী আজি বিয়লিৰে পৰা সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে সদৰী কৰা অনুসৰি পাব্লিক ৰিয়েলিটী স্কুলৰ ছাত্র অমিতৰাজ বিয়লি তিনি বজাৰ পৰা সন্ধানহীন হৈ আছে৷ চহৰখনৰ পৰা প্রায় ৩ কিলোমিটাৰ নিলগৰ চান্দামাৰীত অৱস্থিত পাব্লিক ৰিয়েলিটী স্কুলৰ ছাত্রজন পুৱাৰ ভাগত শ্রেণীলৈ আহিছিল৷ কিন্তু বিয়লিৰ পাছত তেওঁ সন্ধানহীন হয়৷ ইতিমধ্যে আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ বিদ্যালয়খনৰ চিচি টিভি ফুটেজ পৰীক্ষাকে ধৰি সম্ভাব্য আন সকলো বিষয় তন্ন–তন্নকৈ চালিজাৰি চাইছে আৰক্ষীয়ে৷ উল্লেখ্য যে ব’র্ডিং স্কুলখনৰ দশমমানৰ ছাত্র হৈছে প্রাক্তন সাংসদগৰাকীৰ পুত্র অমিতৰাজ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি আজি পুৱাৰ ভাগত অমিতৰাজে সতীর্থসকলক তেওঁক গুৱাহাটীলৈ আহিব বুলি সদৰী কৰিছিল৷ আৰক্ষীক সতীর্থ ছাত্রই এই কথা অৱগত কৰাৰ পিছত আৰক্ষীয়ে এই দিশত অনুসন্ধান চলাই আছে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে চহৰখনত চাঞ্চল্যই বিৰাজ কৰিছে৷

You might also like