নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰী আৰক্ষী থানাৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে বিশাল সমদল

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীত আজি বগৰীবাৰী আৰক্ষী থানাৰ উদ্যোগত আৰু বিভিন্ন বিদ্যালয়ৰ লগতে স্থানীয় ৰাইজৰ সহযোগত স্বাধীনতা দিবসৰ অমৃত মহোৎসৱত লগত সংগতি ৰাখি  এখন বিশাল সমদল যাত্ৰা উলিওৱা হয়। এই সমদল যাত্ৰাত অঞ্চলটোৰ বিদ্যালযসমূহৰ শ শ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে হাতে হাতে ত্ৰিৰংগা লৈ ভাৰত মাতা কি জয় ধ্বনিৰে আকাশ বতাহ মূখৰিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক আগুৱাইলৈ যোৱাৰ উদ্দেশ্য এইযাত্ৰা অনুষ্ঠিত হয় বুলি বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ চন্দ্ৰ দাসে জানিবলৈ দিয়ে। এই কাৰ্যসূচীৰ উপস্থিত থাকে বগৰীবাৰীৰ চক্ৰ বিষয়া ডি গগৈ,  কাজিগাওঁ আৰক্ষী চক্ৰ বিষয়া ৰাজু গগৈ,বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয় জ্যোতিষ দাসৰ লগতে ভি ডি পি এলৰ কৰ্মকৰ্তাসকলে। এই সমদলটোৰ বগৰীবাৰী অঞ্চলৰ বিভিন্ন পথ পৰিক্ৰমা কৰে।

You might also like