নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ২ আৰু ৩ অক্টোবৰত বড়ো সাহিত্য সভাৰ ৬০ তম বাৰ্ষিক অধিবেশন

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ চিৰাঙৰ বিজনীত চলিত ২ আৰু ৩ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬০ তম বাৰ্ষিক অধিবেশন।বিজনী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব লগা অধিবেশনখনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত বাক্সা জিলাৰ তামোলপুৰত অনুষ্ঠিতব্য বড়ো সাহিত্য সভাৰ অধিবেশনৰ প্ৰতিনিধি সভা প্ৰাকৃতিক দুৰ্যোগৰ বাবে বাতিল হোৱাত উক্ত প্ৰতিনিধি সভা বিজনীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তদুপলক্ষে কালি দুপৰীয়া দুই বজাত প্ৰতিনিধি নাম পঞ্জীয়ন কৰি সন্ধিয়া পাঁচ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অনিল বড়োই প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰিব।

আনহাতে নিশাৰ ভাগতেই আদৰণি কমিটিৰ দ্বাৰা প্ৰকাশিত “দুনালি গাথৌন” শীৰ্ষক স্মৃতি গ্ৰন্থ খনি উন্মোচন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই।আদৰণি কমিটিৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি বড়ো সাহিত্য সভাৰ তামোলপুৰ অধিবেশনৰ প্ৰায় ন’শ প্ৰতিনিধিয়েহে বিজনীত অনুষ্ঠিত হৈ থকা আধৰুৱা অধিবেশন খনিত অংশগ্ৰহণ কৰিব পাৰিব আৰু এই সংক্ৰান্তত আদৰণি কমিটিয়ে অতিথি আপ্যায়নকে আদি সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি জানিব দিয়ে। ইফালে বড়ো সাহিত্য সভাৰ ৬০ তম বাৰ্ষিক তামোলপুৰ-বিজনী অধিবেশনত কি কি প্ৰস্তাৱ গ্ৰহণ কৰা হয় সেয়া ৩ অক্টোবৰ বিয়লিৰ ভাগতহে জানিব পৰা যাব।

You might also like