নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ জালুগুটিত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযান

বৃহৎ পৰিমাণৰ ড্ৰগছ সহ ড্ৰাগছ ব্যৱসায়ী ইকৱাল ইছেইনক আটক

নিয়মীয়া বাৰ্তা ৯ জুনঃ বুধবাৰে মৰিগাঁৱৰ জালুগুটিত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনৰ সৰ্বত্ৰে ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰি ইতিপূৰ্বে বহু নৱ প্ৰজন্মৰ যুৱক যুৱতী ধ্বংসৰ দিশে গতি কাৰ সময়তে আজি এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলা আম ব্ৰাঞ্চ পৰিদৰ্শক ( ABI ) আৰু জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি বৰাৰ সহযোগত জালুগুটিৰ লগতে মৰিগাঁও জিলাখনত বহু দিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি অহা জালুগুটি মিলনপটীৰ ইকৱাল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰত যুটীয়া ভাৱে চলাই বৃহৎ অভিযান ৷ এই অভিযানত উদ্ধাৰ হয় বহু পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ ভৰ্তি কন্টেনাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যবসায়ী ইকৱাল ইছেইনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যদিও এই ব্যৱসায়ৰ লগত আৰু কোন কোন জড়িত আছে সেয়া বৰ্তমানলৈ পোহৰলৈ অহা নাই ৷

You might also like