নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NSG ৰ দৰে অসম আৰক্ষীত গঠন হ’ব ১০ টা বিশেষ কামাণ্ডো বেটেলিয়ন

নিয়মীয়া বাৰ্তা, ৯ জুনঃ আৰক্ষী সেৱাৰ আধুনিকীকৰণৰ দিশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড (NSG)ৰ লেখীয়াকৈ অসম আৰক্ষীত ১০ টা বিশেষ কামাণ্ডো বেটেলিয়ন গঠন কৰা হ’ব। অতিৰিক্ত আৰক্ষী বাহিনীৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ এই নতুন কামাণ্ডো বাহিনীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব। আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আৰক্ষী বাহিনীৰ কামৰ বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে সকলো আৰক্ষী থানাৰ কৰ্মসূচী দুটা চিফ্টত বিভক্ত কৰা হ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় মানৱসম্পদৰ বাবে এক নিযুক্তি অভিযান চলোৱা হ’ব।

ইফালে কল্যাণমূলক পদক্ষেপ হিচাপে আৰক্ষী বিভাগত কৰ্মৰত আৰক্ষীসকলৰ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ লগতে এমাহৰ অতিৰিক্ত বাধ্যতামূলক বিশেষ ছুটিৰ সুবিধা প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।

 

You might also like