নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱ জিলাত জল জীৱন মিছন ৰ শুভাৰম্ভ

বিশুদ্ধ পানীয়েই দীৰ্ঘ জীৱনৰ মূল আধাৰ -বিধায়ক ৰমাকান্ত দেউৰী

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ  সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱ জিলাটো আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন ৰ শুভাৰম্ভ কৰে মৰিগাঁৱ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। । পুৱা ৯ বজাত কাছ ধৰা পানী যোগান আঁচনিৰ অধীনত ১৭৮ তা ব্যৱহাৰিক ঘৰুৱা পানী টেপ সংযোগী কৰণৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে।

ইয়াৰ পিছতে দিনৰ 10 বজাত খাট বৰী ত ৩২৮ তা পৰিয়ালক ব্যৱহাৰিক ঘৰুৱা পানী যোগান টেপ সংলগ্ন কৰা আঁচনি খনৰো শুভাৰম্ভ কৰে বিধায়ক দেউৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত আছিল মৰিগাঁৱ জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞা, জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মানস প্ৰতিম বৰগোঁহাই, সহকাৰী অভিযন্তা ঋতুপৰ্ণ ফুকন প্ৰমুখ্যে উচ্চ পদস্ত বিষয়া কৰ্মচাৰী সকল। সভাত ভাষণ প্ৰদান কৰি বিধায়ক দেউৰীয়ে বিশুদ্ধ পানী ব্যৱহাৰ ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ত আৰোপ কৰে।

You might also like