নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ প্ৰজ্ঞাভৱনত ” মিলেট” বিশেষ ৰন্ধন প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: মৰিগাঁও জিলাৰ নিৰ্বাচিত বিদ্যালয়ৰ ৰান্ধনীসকলৰ মাজত সোমবাৰে জিলা পৰ্যায়ৰ মিলেট বিশেষ ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, বিদ্যালয় সমূহৰ পৰিদৰ্শক জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, স্বাস্থ্য বিভাগৰ বিষয়া ময়ূৰী গগৈ, খাদ্য সুৰক্ষা বিষয়া ড° অৱন্তি পাটৰ, জাগীৰোডৰ ফ্লেভাৰ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী হিৰামণি ডেকা প্ৰমুখ্যে কেইবাটাও বিভাগৰ কেইবাগৰাকীও বিষয়াই বিচাৰক ৰূপে উপস্থিত থকা এই প্ৰতিযোগিতাখনত খাতনবড়ী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ললিতা পাটৰ আৰু শেৱালি বৰদলৈয়ে প্ৰথম স্থান, লঠাবড়ী নেহৰু বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী জয়া মহন্তই দ্বিতীয় স্থান আৰু মিলনপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰান্ধনী জমিৰুন নেছা আৰু কুসুম বিবিয়ে তৃতীয় স্থান লাভ কৰে। আনহাতে সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ জিলা আঁচনি বিষয়া কৌশিক ৰাজ বৰাৰ তত্ত্বাৱধানত এই প্ৰতিযোগিতাখন সুচাৰুৰূপে অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা খাটনবড়ী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীদ্বয়ে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

You might also like