নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ পলাহৰটাৰীত ঘৰৰ চিলিংত বাঘ, লতামাকৰিৰ মৃতদেহ

নিয়মীয়াবাৰ্তা,,২১ মাৰ্চ; নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পলাহৰটাৰী গাঁৱত আজি দুপৰীয়াৰ ভাগত এঘৰৰ চিলিংৰ ওপৰত বাঘ এটা ওলোৱাৰ খৱৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পায় |জানিব পৰা মতে গাঁৱখনৰ আলাউদ্দিন আহমেদ নামৰ শিক্ষক এজনৰ চিলিংৰ ওপৰত বাঘ এটা শুই থকাৰ খৱৰ ৰাষ্ট্ৰ হোৱাত মুহুৰ্ততে বাঘ চাবলৈ ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে | নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ এদল বনকৰ্মী আৰু আৰক্ষীয়ে বাঘটো ধৰিবলৈ বহু পৰ যুঁজিও সফল হ’ব নোৱাৰিলে ,টিনৰ তলৰ ফাঁকেৰে বাঘটো বাঁহনিৰ মাজলৈ জপিয়াই পলায়ন কৰাত সকলো ঘৰাঘৰি যায় | পিছে প্ৰায় এঘণ্টা মানৰ পাছত পুনৰ আন এঘৰত একেই বাঘৰ আতংক বিয়পে ,খৱৰ পাই পুনৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও বন বিভাগৰ দলটিয়ে এটা লতামাকৰি বাঘৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৰাস্তাৰ মাজত | অৱশেষত বন বিভাগে মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ দিহা কৰে | ৰাইজৰ মনত উদ্ৰেক ঘটা কেতবোৰ স্বাভাৱিক প্ৰশ্ন-কেনেকৈ মৃত্যু ঘটিল লতামাকৰি টোৰ ,কোনোবাই কোবাই কোবাই হত্যা কৰিলে নেকি ? আনহাতে চিলিংত ওলোৱাটো আৰু মৃত্যু ঘটা ,দুয়োটা একেই নেকি ? আদি

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like