নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিত অনুষ্ঠিত নক আউট প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী ঢেকিয়াজুলি টাউন ক্লাব

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: পশ্চিম ঢেকিয়াজুলি অঞ্চলৰ আমতল ৰাইজিং ষ্টাৰ ইয়ুথ ক্লাবৰ উদ্যোগত আমতলবালিগাওঁ খেল পথাৰত যোৱা ১ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত নক আউট প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন আজি ঢেকিয়াজুলি টাউন ক্লাব আৰু আমতল ৰাইজিং ষ্টাৰ ইয়ুথ ক্লাব ফুটবল দলৰ মাজত অনুষ্ঠিত হয়৷

চূড়ান্ত খেল খনত ঢেকিয়াজুলি টাউন ক্লাব ফুটবল দলে ট্ৰাইবেকাৰৰ জৰিয়তে জয়লাভ কৰে৷ ভালে সংখ্যক দৰ্শক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা চূড়ান্ত খেল খন উদ্বোধন কৰে শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাই৷ খেলৰ শেষত সমাজকৰ্মী তথা লাবাৰী গাঁৱৰ গাওঁবুঢ়া উৎপল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি মাজৰৌমাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা মিনতী তিৰ্কীয়ে ভাষণ প্ৰদান কৰে ৷

সভাত বিজয়ী ঢেকিয়াজুলি টাউন ক্লাব ফুটবল দলক বিশ হাজাৰ টকা আৰু বিজেতা আমতল ৰাইজিং ষ্টাৰ ইয়ুথ ক্লাব ফুটবল দলক পোন্ধৰ হাজাৰ টকা প্ৰদান কৰা হয়৷খেল খন পৰিচালনা কৰে বাবলু তচাই৷পৰিচালকগৰাকীক সহযোগিতা আগবঢ়ায় মমতাজ আলি আৰু ব্ৰজেন গোড়ে৷সভাখন আতঁধৰে শিক্ষক জীতেন্দ্ৰ বৰাই৷

উল্লেখ্য যে প্ৰতিযোগিতা খনৰ প্ৰথম খন চেমিফাইনেলত ঢেকিয়াজুলি টাউন ক্লাবে ওৰাং চাহ বাগিচাক আৰু আমতল ৰাইজিং ষ্টাৰ ইয়ুথ ক্লাবে মানুহমাৰী ফুটবল দলক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল৷ প্ৰতিযোগিতা খনত পোন্ধৰটাৰো অধিক ফুটবল দলে অংশ গ্ৰহণ কৰিছিল৷

Input: কল্পজ্যোতি নাথ,ঢেকিয়াজুলি 

You might also like