নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও আৰক্ষীৰ সাফল্য

দুটা পিষ্টল আৰু ১৩ জাই সজীৱ গুলী সহ ৪ জনক আতক

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  নিৰ্বাচন চমু চাপি অহাৰ লগেলগে মৰিগাঁও জিলাৰ আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে সমাজ বিৰোধী চক্ৰৰ বিৰুদ্ধে। কালি নিশা নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মৈৰাবাৰীলৈ অহা এখন যাত্ৰীবাহী বাছত নিৰ্দিষ্ট খবৰৰ ভিত্তিত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীস বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে দুটা পিষ্টল সহ ১৩ জাই সজীৱ গুলী ৷ গ্ৰেপ্তাৰ হৈ চাৰিটা সৰ্বৰাহকাৰী।দীৰ্ঘদিনৰ পৰা ডিমাপুৰ , নাগালেণ্ডৰ পৰা মৈৰাবাৰী আৰু লাহৰীঘাট অঞ্চললৈ নিষিদ্ধ মাৰনাস্ত্ৰ সৰবৰাহ হৈ অহাৰ বিভিন্ন খবৰ ৰ ভিত্তিত কালি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ তত্বাৱধানত আৰক্ষীয়ে নাগালেণ্ডৰ পৰা মৈৰাবাৰীলৈ অহা AS – 02 – AC 8750 নম্বৰৰ নমন নামৰ বাছ খনৰ ১৩ আৰু ১৪ নম্বৰৰ চিতৰ এটা বেগত উদ্ধাৰ কৰে দুটা পিষ্টল , দুটা মেগাজিন ,চাৰিটা মবাইলফোন আৰু ১৩ জাই সজীৱ গুলী ৷ আনহাতে এই মাৰনাস্ত্ৰ সৰবৰাহৰ লগত জড়িত আচাদুল ইছলাম , চাইদুল ইছলাম আৰু নমন নামৰ গাড়ী খনৰ দ্ৰাইভাৰ আৰু হেণ্ডিমেন সহ চাৰিজনক আতক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হৱ নোৱাৰে তাৰ বাবে মৰিগাঁও আৰক্ষী সজাগ হৈ আছে বুলি উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই ৷

You might also like