নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু আছে বাবেই জীৱন সুন্দৰ

দক্ষিণ কামৰূপৰ গোলক চন্দ্র গোস্বামীৰ সোঁৱৰণী গ্রন্থ উন্মোচন মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ মৃত্যু আছে বাবেই জীৱনৰ সুন্দৰতা আছে, মহানতা আছে৷ বেদ–উপনিষদৰ পৰা প্রচলিত চিন্তাই মানুহক বর্তমানলৈ আধ্যাত্মিকতাৰ সুন্দৰ দৃষ্টান্ত দাঙি ধৰিছে৷ গোলক চন্দ্র গোস্বামীয়ে জীৱনটোত কৰি যোৱা সু–কার্যৰ বাবে তেওঁ লোকসমাজত আজীৱন আদৰণীয় হৈ থাকিব৷–দক্ষিণ কামৰূপৰ আগশাৰীৰ শিক্ষাবিদ গোলক চন্দ্র গোস্বামীৰ শুকুৰবাৰে অনুষ্ঠিত আদ্যশ্রাদ্ধৰ লগত সংগতি ৰাখি পৰিয়ালবর্গই প্রকাশ কৰা ‘সিদ্ধপুৰুষ গোলক চন্দ্র গোস্বামী’ শীর্ষক সোঁৱৰণী গ্রন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে এই মন্তব্য কৰে৷ তেওঁ প্রসংগক্রমে বেদ–উপনিষদ–গীতাৰ্ মহান তাৎপর্য প্রতিজন মানুহে যে অনুকৰণ কৰাটো উচিত সেই বিষয়ে বহলভাৱে ব্যাখ্যা আগবঢ়ায়৷ দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সভাপতি তিলক চন্দ্র গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি দক্ষিণ কামৰূপ জিলা ব্রাহ্মণ সমাজৰ সম্পাদক ৰমেশ চন্দ্র শর্মাই সদ্যপ্রয়াত গোলক চন্দ্র গোস্বামীৰ বহুমুখী প্রতিভাৰ আলোকপাত কৰি তেওঁক এগৰাকী স্থিতপ্রজ্ঞ ব্যক্তি বুলি অভিহিত কৰে৷

সাংবাদিক বিমল শর্মাই সম্পাদনা কৰা গ্রন্থখনৰ উন্মোচনী সভাখনত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই শিক্ষাবিদ গোলক চন্দ্র গোস্বামীৰ বিয়োগ সমগ্র দক্ষিণ কামৰূপৰ শৈক্ষিক–বৌদ্ধিক ক্ষেত্রখনৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ সভাত শ্রীশ্রী খিদিৰপুখুৰী সত্রৰ সত্রাধিকাৰ প্রণৱানন্দ গোস্বামী, অৱসৰপ্রাপ্ত শিক্ষক অমৃত চন্দ্র নাথ, গল্পকাৰ গজেন চন্দ্র দাস, অধিবক্তা তথা প্রয়াত গোস্বামীৰ ভতিজা জয়ন্ত প্রতিম গোস্বামীয়েও চমু ভাষণ দিয়ে৷ সভাৰ পূর্বে এটি মংগলাচৰণ পাঠ কৰে পুৰোহিত মনোৰঞ্জন শর্মাই আৰু শ্রদ্ধাঞ্জলি তর্পণ মুকলি কৰে শ্রীশ্রী খিদিৰপুখুৰী সত্রৰ সত্রাধিকাৰ প্রণৱানন্দ গোস্বামীয়ে৷ দুই শতাধিক আত্মীয়–কুটুম্ব আৰু শুভাকাংক্ষীৰ উপস্থিতিত হোৱা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গ্রন্থখনৰ সম্পাদক বিমল শর্মাই৷

You might also like