নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও মহাবিদ্যালয়ৰ পৰা গৈ বহু সাহিত্যিক-মনিষীৰ সৃষ্টি হৈছেঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ   নগাঁও মহাবিদ্যালয়ৰ এক ঐতিহ্যপূৰ্ণ ইতিহাস আছে। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ লগত জৰিত সকলো মহান ব্যক্তিক আজিৰ এই শুভক্ষণত মই মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই সোঁৱৰণ কৰিছোঁ। ১৯৪৪ চনৰ পৰা ২০২১ চনলৈ মহাবিদ্যালয়খনে বহু মানৱ সম্পদ সৃষ্টি কৰিছে। এই সৃষ্টিয়ে অসমৰ সমাজ জীৱনত এক নতুন দিগন্তৰ সৃষ্টি কৰিছে।”- এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও মহাবিদ্যালয়(অটনমাচ)ক ইতিমধ্যে বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ বাবে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আজি দুপৰীয়া অনুষ্ঠিত এখন সভাত এইদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ” এক দীঘলীয়া পৰিক্ৰমাৰে পৰিপূৰ্ণ এই নগাঁও মহাবিদ্যালয়খনৰ পৰা গৈ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। এই ধাৰাবাহিকতা আজিও অব্যাহত আছে। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰয়াত মহিম বৰা, ৰংবং তেৰং, খগেন মহন্ত আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোকৰ নাম উল্লেখ কৰি কয়, “নগাঁও মহাবিদ্যালয়ৰ পৰা গৈ বহু সাহিত্যিক-মনিষীৰ সৃষ্টি হৈছে। এনে এখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিবলৈ পাই মই গৌৰৱান্বিত।

অহা ২০২৫ চনৰ পৰা এই মহাবিদ্যালয়খনে পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। সেই বৰ্ষৰ পৰাই পাঠদান আৰম্ভ হ’ব। ইয়াৰ বাবে তিনিবছৰযোৰা এক পৰিকল্পনা আৰু প্ৰস্তুতি চলিব। প্ৰথম বছৰত ভিতৰত কেনেকৈ মহাবিদ্যালয়খনে আগবাঢ়িব তাৰ বাবে মহাবিদ্যালয় আৰু ৰাজ্যিক পৰ্যায়ৰ আলোচনা চলিব। দ্বিতীয় বছৰত আন্ত: গাথনিৰ প্ৰক্ৰিয়া আৰু ইয়াৰ বাবে পুজিৰ আবন্টন প্ৰক্ৰিয়া আৰু অন্তিমটো বৰ্ষতহে ই এটা বট বৃক্ষৰ ৰূপ লব। এইখিনি কাম কৰিবলৈ যাওঁতে আমি আমোলাতান্ত্ৰিক মনোভাৱ এৰি এক বিদ্যায়তনিক মনোভাৱেৰে আগবাঢ়িব লাগিব। এই ক্ষেত্ৰত সকলোৰে সহায়- সহযোগিতা লাগিব। তেতিয়াহে এক সংকল্পৰ যাত্ৰাৰ গৈ সিদ্ধি যাত্ৰাৰ দিশে গতি কৰিব।’ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ভূৱন চুতীয়াই আঁত ধৰা সভাখনত আদৰণি ভাষণ আগবঢ়াই অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে। ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাই কয়, ‘নগাঁও মহাবিদ্যালয়খনে শিক্ষা-সংস্কৃতি আৰু সাহিত্যৰ অৰ্থাৎ প্ৰজ্ঞা সাধনাৰ ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। গুৰুজনাৰ জন্মস্থান এই নগাঁও জিলাত প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খনৰ পৰা অধ্যয়ন কৰি গৈ ইতিমধ্যে বহু বৰেণ্য ব্যক্তিৰ জন্ম হৈছে।’

তেওঁ নগাঁও মহাবিদ্যালয়কে ধৰি চহৰখনৰ এক উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰি এই ক্ষেত্ৰত সহযোগিতা কৰি অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই। সভাখনত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, ৰহাৰ বিধায়ক শশীকান্ত দাস, উপায়ুক্ত নিসৰ্গ হিৱৰে, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ শৰৎ কুমাৰ দত্ত আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয় চৌহদত ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযানৰ পুঁজিৰে ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা এখন ভৱনৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠান সমুহৰ পিছত মুুখ্যমন্ত্ৰী ড০ শৰ্মাই মহাবিদ্যালয় চৌহদত এক সংবাদ মেল সম্বোধন কৰি কয়, “সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰো সংবাঙ্গীন উন্নতি হৈছে। নগাঁও চহৰত নতুনকৈ এখন ফ্লাই অভাৰৰ কথা চিন্তা-চৰ্চা কৰা হৈছে। আগন্তুক দিনতো উন্নয়নৰ ধাৰা অব্যাহত থাকিব। ৰাজ্যখনত সঘনাই সংঘটিত দুৰ্ঘটনা ৰোধ কৰাত চৰকাৰ সফল হৈছে বুলি উল্লেখ কৰি কয়, ” যোৱা ৩১ ডিচেম্বৰ আৰু বিহুৰ সময়ছোৱাত দূৰ্ঘটনা ৰোধ কৰাত চৰকাৰ এশ শতাংশ সফল হৈছে। পৰবৰ্তী সময়তো ফাকুৱা, দেৱালীৰ সময়তো এনে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। নগাঁও জিলাত শেহতীয়াকৈ বন্যহস্তী আৰু বান্দৰৰ সন্ত্ৰাস সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ কি পদক্ষেপ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। উল্লেখ্য যে জিলাখনৰ প্ৰায় অধিকাংশ গ্ৰাম্য অঞ্চলত বিশেষকৈ বান্দৰৰ উপদ্ৰপে জনসাধাৰণক ত্ৰাহি মধুসূদন সোধাই আহিছে।

সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,সূদখোৰৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ পৰবৰ্তী সময়তো অব্যাহত থাকিব। কাৰণত এই ব্যৱস্থাই বহু মানুহক বিপদত পেলাই আহিছে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সমীপত থকা নৱ নিৰ্মিত এখন সেঁতু উদ্বোধন কৰাৰ লগতে নগাঁও আৱৰ্ত ভৱনৰ কাষত ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নামাকৰণ কৰা অমৃত কানন নামৰ এখন উদ্যান উদ্বোধন কৰে।উদ্যানখনত পণ্ডিত জৱাহৰলাল নেহৰু,আনন্দৰাম ঢেকিয়াল ফুকন,নেতাজী সুভাষ চন্দ্ৰ বসু,সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ লগতে নগাঁৱৰ সমাজজীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা লোকসেৱক হলধৰ ভূঞা,মহেন্দ্ৰনাথ হাজৰিকা,কবি দেৱকান্ত বৰুৱা আৰু স্বাধীনতা সংগ্ৰামী পণ্ডিত পূৰ্ণচন্দ্ৰ শৰ্মাৰ মূৰ্তি আছে।তদুপৰি মুখ্যমন্ত্ৰী জনে ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট-ভাওনাৰ অনবদ্য সৃষ্টি গায়ন-বায়ন প্ৰতীক ৰূপত নিৰ্মাণ কৰা মূৰ্ত্তিৰ আধাৰশিলা স্থাপন কৰে।

You might also like