নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত দুই ভাতৃৰ কোনে মাৰিব শেষ হাঁহি

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ দ্বিতীয়লানি নির্বাচনলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী৷ ইতিমধ্যে বিভিন্ন প্রার্থীৰ মাজত সৃষ্টি হৈছে কাক কোনে কেনেকৈ পৰাজিত কৰি পিন্ধিব পাৰে শিৰত বিজয় তিলক তাৰ আখৰা৷ ব্যতিক্রম নহয় ৮৬নং নগাঁও সদৰ সমষ্টিও৷ কেতবোৰ আন আন সমষ্টিৰ দৰেই নগাঁও সদৰ সমষ্টিতো কংগ্রেছে প্রার্থী বাছনিৰ ক্ষেত্রত প্রদর্শন কৰা লবীকেন্দ্রিক ৰাজনীতিৰ বাবেই সমষ্টিৰ গৰিষ্ঠসংখ্যক কংগ্রেছ সমর্থকে যোৱা দিনবোৰত দলত্যাগ কৰি বিজেপিমুখী ঢ়ৌৰ সৃষ্টি কৰি সমষ্টিটোত কংগ্রেছৰ ভেটিত তীব্র কঁপনি তুলিছে৷ কাৰণ সুদীর্ঘ পাঁচ বছৰ ধৰি সমষ্টিবাসীৰ সুখ–দুখৰ সময়ত সততে সাহচর্য প্রদান কৰি অহা সমষ্টিটোৰ সম্ভাৱনাপূর্ণ কংগ্রেছ প্রার্থী ডাঃ দুর্লভ চমুৱাক দলীয় টিকটৰ পৰা অতি নিদাৰুণভাৱে বঞ্চিত কৰাৰ ফলস্বৰূপে সমষ্টিটোত কংগ্রেছৰ হোৰাহোৰে গৰাখহনীয়া সৃষ্টি হৈছে৷ সমান্তৰালভাৱে মিত্রজোঁটৰ বিজেপি প্রার্থী ৰূপক শর্মাৰ সমর্থনত তীব্র জোৱাৰ উঠা পৰিলক্ষিত হৈছে৷

নগাঁও সদৰ সমষ্টিত বিজেপি প্রার্থী ৰূপক শর্মাৰ উত্থান এক উল্লেখযোগ্য বিষয় ৰূপে বিবেচিত হৈছে৷ কাৰণ প্রথমবাৰৰ বাবে শর্মাই বিধায়ক হিচাপে নির্বাচিত হৈয়েই যোৱা পাঁচ বছৰত নগাঁও সদৰ সমষ্টিটোক উন্নয়নৰ ক্ষেত্রত জাতি–ধর্মৰ প্রাচীৰ ভাঙি সর্বদিশতে পৰিৱর্তনৰ যি ৰং–ৰূপ দেখুৱালে, সেয়াই সমষ্টিবাসীক পৰম সন্তোষিত কৰিছে৷ যাৰ ফলস্বৰূপে দ্বিতীয়বাৰৰ বাবে শর্মাই সমষ্টিটোক নিজৰ কব্জাত ৰাখিব পৰাকৈ নির্বাচনী ৰণকৌশলত আগবাঢ়ি গৈছে৷ সমষ্টিটোত কংগ্রেছ প্রার্থী শান্তনু শর্মা এগৰাকী বিনয়ী আৰু বহল মনৰ গৰাকী হ’লেও তেওঁৰ সমষ্টিবাসীৰ লগত পূর্বৰে পৰা তেনে কোনো সম্পর্ক নথকাৰ বাবে কংগ্রেছৰ একালৰ প্রাক্তন মন্ত্রী মুকুট শর্মাৰ পুত্র হিচাপেহে শান্তনু শর্মাই নিজৰ চিনাকি দিবলগীয়া হৈছে৷ আনহাতে, তেওঁৰ মূল প্রতিদ্বন্দ্বী বিজেপি প্রার্থী ৰূপক শর্মা হ’ল সমন্ধীয় ভাই৷

শর্মাদ্বয় ভাই–ককাই যদিও ৰূপক শর্মাৰ সমষ্টিৰ সর্বস্তৰৰ ৰাইজৰ লগত থকা মধুৰ সম্পর্কৰ বিপৰীতে কর্মসূত্রে শান্তনু শর্মা বাহিৰত বসবাস কৰিবলগীয়া হোৱাত তেওঁ সমষ্টিবাসীৰ বাবে অপৰিচিত লোক৷ আনকি নিজ দলৰ প্রায়সংখ্যক মানুহৰ ক্ষেত্রতো শান্তনু শর্মা এখন অচিনাকি মুখ হৈ পৰা আৰু দলৰ মাজতেই আওপকীয়াকৈ লেং মৰা ৰাজনীতিৰ বাবে নির্বাচনী জয়ৰ হেতু অশেষ কষ্ট কৰিবলগীয়া হোৱাটো স্বাভাৱিক৷ অৱশ্যে ইয়াৰ সুৱর্ণ সুযোগ গ্রহণ কৰিছে বর্তমানৰ বিধায়ক তথা মিত্রজোঁটৰ বিজেপি প্রার্থী ৰূপক শর্মাই৷

উল্লেখ্য যে শর্মাৰ পূর্বে সমষ্টিটোত পাঁচবছৰ কালজুৰি কংগ্রেছৰ বিধায়ক হিচাপে দুর্লভ চমুৱাই কার্যনির্বাহ কৰিছিল যদিও উন্নয়নৰ তেনে কোনো দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হোৱা নাছিল৷ অৱশ্যে সেয়া যি কি নহওক, সমষ্টিটোত মিত্রজোঁটৰ প্রার্থী ৰূপক শর্মা আৰু মহাজোঁটৰ প্রার্থী শান্তনু শর্মাৰ উপৰি সমষ্টিটোত অসম জাতীয় পৰিষদৰ অনুপ লস্কৰ, লোক জনশক্তি পার্টীৰ আব্দুল আওৱাল ভূঞা আৰু ৰাষ্ট্রীয় উলেমা কাউঞ্চিলৰ ছাহজাহান আলী আহমেদেও প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূল যুঁজখন যে শর্মা ভাতৃদ্বয়ৰ মাজতেই বাহাল থাকিব সেই কথা নিশ্চিত৷

You might also like