নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামৰ জলাহগাঁৱত চোৰাংকাঠ জব্দঃ অবৈধ কাঠ মিল উৎখাত

নিয়মীয়া বাৰ্তা, ১২ মে’: নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ আৰু নগাঁও বন বিভাগে যৌথ অভিযান চলাই সোমবাৰে নিশা চলচলীৰ জলাহগাঁৱৰ পৰা বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, সোমবাৰে নিশা পাৰ্কোপ পাহাৰৰ পৰা চোৰাংকাঠ অনা বুলি এক গোপন সূত্ৰৰ পৰা জানিব পাৰি চাপানালা খণ্ড বন বিষয়াৰ নেতৃত্বত এটা বনকৰ্মী দলৰ লগতে নগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে অভিযান চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ৷ বন বিভাগে চোৰাংকাঠৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত চলচলী জলাহগাঁৱৰ এটা নৱ নিৰ্মিত গৃহৰ সমিপত চোৰাংকাঠ খনি পেলাই থৈ গাড়ী খন উধাও হয় বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত চাপানালা বন বিভাগৰ লগতে নগাঁও বন সুৰক্ষা বাহিনীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ স্থানীয় গাওঁবুঢ়া শৰৎ চন্দ্ৰ শইকীয়া আৰু ৰাজেন বৰাৰ উপস্থিতিত উক্ত চোৰাংকাঠ খিনি জব্দ কৰে ৷বন বিভাগে যোৱা নিশা জব্দ কৰা চোৰাংমাকৈ শাল খিনিৰ বজাৰৰ মূল্য প্ৰায় ২৫ হাজাৰ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে ৷

আনহাতে আজি চাপানালা খণ্ড বন বিষয়াৰ নেতৃত্বত এটা বন কৰ্মী দলে চলচলী অঞ্চলত অভিযান চলাই নুৰ হুছেইন নামৰ লোক জনৰ এটা অবৈধ কাঠ মিল জব্দ কৰে ৷ বন বিভাগে আজি জব্দ কৰা অবৈধ কাঠ মিলটো বৰ্তমান চাপানালা খণ্ড বন কাৰ্যালয়ত ৰখা হৈছে বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

You might also like