নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাৰ ফুলবাৰীত অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ

২৮ অক্টোবৰৰ পৰা পশ্বিম বংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলৰ নাট মঞ্চস্থ কৰিব 

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ লখিমপুৰৰ নাওবৈচাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অহা ২৮, ২৯, ৩০ আৰু ৩১ অক্টোবৰ ২০২১ তাৰিখে অনুস্থিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ৷ অভিনৱ থিয়েটাৰে অয়োজন কৰা এই নাট মহোৎসৱত ভাৰতৰ পশ্বিম বংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাটক মঞ্চস্থ কৰিব৷ গাঁৱৰ পৰিবেশত প্ৰছেনিয়াম মঞ্চত প্ৰতি দিনে সন্ধিয়া ৭ বজাৰ পৰা দুখন কৈ নাটক প্ৰর্দশন কৰা হ’ব ৷

এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ২৮ অক্টোবৰৰ সন্ধিয়া কলিকতাৰ দক্ষিনেশ্বৰ সংকেট নাট্য দলে প্ৰিয়াংকু ৰয়ৰ পৰিচালনাৰ বেংগলী ভাষাৰ নাটক “ৰুপাই চাজু” কথা আৰু অভিনৱ থিয়েটাৰৰ দ্বাৰা দয়াল কৃষ্ণ নাথৰ পৰিচালনাত হিন্দী নাটক “কৰোৱা চচ” মঞ্চস্থ কৰা হ’ব ৷

২৯ অক্টোবৰৰ সন্ধিয়া পশ্বিম বংগৰ শ্ৰিয়ামপুৰ তপস্য গোষ্ঠীয়ে লুম্বিনী কুণ্ডুৰ পৰিচালনাত বেংগলী ভাষাৰ নাটক “বিৰহিনী”, উত্তৰ প্ৰদেশৰ অয্যোদ্ধাৰ শান্তি কালচাৰেল ফাউন্দেচনৰ দ্বাৰা জয় ভাৰতীৰ পৰিচালনাত হিন্দী নাটক “চলিলকুইস্ট” আৰু ধেমাজী জিলাৰ গোগামুখৰ দৌমৰ নাট্য গোষ্ঠীৰ দ্বাৰা প্ৰবিন দলেৰ পৰিচালনাত মিচিং ভাষাৰ নাটক “মৰৌ”মঞ্চস্থ কৰা হ’ব ৷

৩০ অক্টোবৰৰ সন্ধিয়া বিহপুৰীয়াৰ ৰুদ্যাক্ষ না্ট্য গোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কাকতিৰ পৰিচালনাত অসমীয়া ভাষাৰ নাটক “ঈশ্বৰৰ সন্ধানত” ত্ৰিপুৰাৰ আগৰতলাৰ কলাভূমিৰ দ্বাৰা বিদ্যুৎ জিৎ চক্ৰৱতীৰ পৰিচালনাত বেংগলী ভাষাৰ নাটক “অন্তৰ দহন” মঞ্চস্থ কৰা হ’ব ৷

৩১অক্টোবৰৰ সন্ধিয়া পশ্বিম বংগৰ গোবৰদাংগা মৃদংগমৰ দ্বাৰা কূশল ডেকাৰ পৰিচালনাত বেংগলী ভাষাৰ নাটক “চায়াঁকৃত” আৰু বিহাৰৰ বেগুচৰাইৰ আর্শীবাদ ৰংমন্ডলৰ দ্বাৰা অমৃত ৰৌচনৰ পৰিচালনাত হিন্দী নাটক “কথাকৰজ”মঞ্চস্থ কৰা হ’ব৷ প্ৰৱেশ পত্ৰৰ বাবে ৭০০২৭২৮৩৯৪ নম্বৰ ম’বাইলত যোগাযোগ কৰিবলৈ অভিনৱ থিয়েটাৰৰ সম্পাদক দয়াল কৃষ্ণ নাথে আহ্বান জনাইছে৷

Input: নিতুল বৰা, নাওবৈচা

You might also like