নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেণ্টৰ হৈ টীম ইণ্ডিয়াৰ শিবিৰত ধোনী

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  মেণ্টৰৰ ৰূপত নতুন দায়িত্ব লৈ ভাৰতীয় দলৰ শিবিৰত যোগ দিছে মহেন্দ্র সিং ধোনীয়ে৷ আই চি চি টি–২০ বিশ্বকাপত ভাৰতে অহা ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পূর্বে  ধোনীয়ে বিৰাট কোহলি বাহিনীৰ শিবিৰত যোগ দিছে৷ বি চি চি আয়ে টুইটাৰত ইয়াৰ ফটো আপলোড কৰিছে৷ শুকুৰবাৰে আই পি এলৰ চেন্নাই ছুপাৰ কিংছৰ হৈ চতুর্থটো খিতাপ জয় কৰা ধোনীয়ে টীম ইণ্ডিয়াৰ খেলুৱৈসকলক বিভিন্ন টিপছ আগবঢ়াই থকা দেখিবলৈ পোৱা গৈছে৷ এই সময়ত মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী আৰু বেটিং প্রশিক্ষক বিক্রম ৰাথোড়ে ধোনীক সংগ দিয়ে৷

মন কৰিবলগীয়া যে ২০০৭ৰ টি–২০ বিশ্বকাপ, ২০১১ৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ৰ আই চি চি চেম্পিয়নছ ট্রফীৰ খিতাপ জয় কৰাৰ সুবাদত ধোনীক বি চি চি আয়ে এইবাৰৰ টি–২০ বিশ্বকাপত ভাৰতীয় দলৰ পৰামর্শদাতাৰ দায়িত্ব অর্পণ কৰিছে৷ তেওঁৰ উপস্থিতিয়ে দলৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিব বুলি অধিনায়ক কোহলিয়ে প্রকাশ কৰিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে আজি প্রথমখন ৱার্ম আপ মেচৰ পূর্বে কোহলিয়ে কয় যে ধোনীৰ দৰে অভিজ্ঞ খেলুৱৈৰ পৰা টীম ইণ্ডিয়াই জটিল সময়ত সাহস আৰু বিভিন্ন দিহা–পৰামর্শ লাভ কৰিব৷

You might also like