নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত চালকৰ চকু চিকিৎসা শিবিৰৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৩০  নৱেম্বৰঃ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত আৰু নগাঁও জিলা অন্ধতা নিয়ন্ত্ৰণ বিভাগৰ যৌথ সহযোগত আজি ৰহা টোলপ্লাজাত চালকসকলৰ এক বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰৰ শুভাৰম্ভ হয়। তদুপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে পথৰ দাঁতিত থকা ট্ৰাকচালকৰ লগতে বিভিন্ন যান-বাহনৰ চালকসকলক চকু চিকিৎসা সম্পৰ্কে বুজনি দি প্ৰায় ষাঠিগৰাকী চালকৰ চকু পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰা লগতে বিনামূলীয়াকৈ চশমাও প্ৰদান কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ পথ সুৰক্ষা তথা কাৰিকৰী প্ৰবন্ধক কল্যাণ দত্তই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাষ্ট্ৰীয় ঘাইপথসমূহত যি দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এইক্ষেত্ৰত  চালকসকলৰ চকুৰ সমস্যা  অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। সেয়েহে চালকসকলৰ চকুৰ সমস্যাবোৰ চিহ্নিত কৰি চিকিৎসা আগবঢ়াই চালকসকলৰ লগতে যাত্ৰীসকলৰো জীৱন ৰক্ষা কৰাৰ প্ৰয়াসেৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু দুৰ্ঘটনাবোৰো প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে।

এনে অভিযান সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হোৱা বুলি উল্লেখ কৰি শেহতীয়াকৈ অসমৰ ৰহা টোলপ্লাজা, ডবকা টোলগেট, সোণাপুৰ টোলগেট, মদনপুৰ টোলগেট আদিটো আৰম্ভ কৰিছে বুলি মন্তব্য কৰে।  আজিৰ কাৰ্যসূচীত উপস্থিত থাকি নগাঁও জিলা অন্ধতা নিয়ন্ত্ৰণ বিভাগৰ জিলা আঁচনি বিষয়া ডাঃ কেশৱ বৰাই কয় যে বৰ্তমানলৈকে কৰা চকু পৰীক্ষাত বহু চালকৰ চকুৰ সমস্যা থকাটো নিশ্চিত হৈছে আৰু তেওঁলোকক বিনামূলীয়াকৈ চশমাও প্ৰদান কৰা হৈছে।

যদিহে চালকসকলে এইক্ষেত্ৰত সাৱধানতা বা সজাগতা গ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে অন্ধতা বা এনে অপ্ৰত্যাশিত দুৰ্ঘটনাবোৰ সংঘটিত নহ’ব বুলিও কয়। উক্ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নগাঁৱৰ অভিযন্তা নবীন কুমাৰ, ৰহা টোলপ্লাজাৰ পৰিচালক পংকজ বৰদলৈ, বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী ৰূপানন্দ নাথ, ধীৰাজ বৰুৱা আদি উপস্থিত থাকে।

You might also like