নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত ৰাইজৰ লগত নাথাকে জবকাৰ্ড, কাটে সাহায্যৰ চাউলঃ ওদালগুৰিত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বিটিচিৰ নিৰ্বাচন উপলক্ষে আজি ওদালগুৰিৰ ভৈৰৱকুণ্ড আৰু শ্যামাপাৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিজেপি দলৰ প্ৰাৰ্থী তথা ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী বীৰেদউ বসুমতাৰী আৰু খৈৰাবাৰী সমষ্টিৰ প্ৰাৰ্থী ভৱেন বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা ড০ শৰ্মাই দুয়োগৰাকী প্ৰাৰ্থীক জিকাই অনাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায়।

ভৈৰৱকুণ্ড সমষ্টিত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকী সমষ্টিবাসীৰ দুখময় জীৱন নিৰ্বাহক লৈ দুখ প্ৰকাশ কৰে। দলং, ৰাস্তা-ঘাট, মোবাইল নেটৱৰ্কৰ সমস্যা, বিভিন্ন দুৰ্নীতি-অনিয়ম সন্দৰ্ভত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনী সভাত তেওঁ বদনাম কৰিবলৈ অহা নাই, কিন্তু বিপিএফৰ শাসন কালত ঘটা দুৰ্নীতি-অনিয়মৰ কথা ৰাইজৰ মুখৰ পৰা শুনি তেওঁ আশ্চৰ্যান্বিত হৈছে।

আনহাতে মন্ত্ৰীগৰাকীয়ে শ্যামাপাৰাত উপস্থিত হৈ উল্লেখ কৰে যে বিটিচিত যোৱা ১৫ বছৰে বি পি এফে শাসন চলোৱাৰ পিছত বিটিচিৰ ৰাইজে বিজেপি আহিব লাগে বুলি কৰা অনুৰোধ মৰ্মে বিজেপি প্ৰাৰ্থী প্ৰক্ষেপিত কৰা হৈছে। কাৰণ বিগত ১৫ বছৰে বিপিএফৰ শাসনে ৰাইজক বিচৰাখিনি দিব নোৱাৰিলে।

তেওঁ ঠাইতে উদাহৰণ হিচাপে জব কাৰ্ডৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ লগত জব কাৰ্ড আছেনে বুলি সোধাত সকলোৱে সমস্বৰে উত্তৰ দিয়ে নাই বুলি। ড০ শৰ্মাই কয় যে বিটিচিত মানুহৰ মাজত এটা ভয় আছে, যাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰে। আনকি নিজৰ বাবে এডোখৰ মাটিও কিনিব নোৱাৰে, নোৱাৰে বিক্ৰী কৰিব, কাৰণ বছৰ বছৰ ধৰি পাৰ্মিছন নোলায়। আনহাতে যোৱা ১৫ বছৰে মাটিৰ ম্যাদী পট্টা নাপালে বিটিচিবাসীয়ে।

মন্ত্ৰীগৰাকীয়ে বিপিএফৰ শাসনকালৰ বিভিন্ন দুৰ্নীতি-অনিয়মৰ বিষয়ে সভাত উল্লেখ কৰি বিটিচিবাসীক পুনৰ ভুল নকৰিবলৈ আহ্বান জনায় কয় যে আৰু ভুল কৰিলে বিটিচিত পুনৰ অন্যায়ৰ বিৰুদ্ধে কোনেও মাত নামাতিব। গতিকে পৰিৱৰ্তনৰ বাবে ৰাইজক বিজেপিক এবাৰলৈ ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

You might also like