নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ: জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত তথা মহকুমা জনসংযোগ বিভাগৰ সহযোগত মহকুমাধিপতিৰ সভাকক্ষত আজি সমগ্ৰ দেশৰ লগতে জোনাইতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস  উদযাপন কৰা হয়৷ আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ  সভাপতিত্ব কৰে জোনাই মহকুধিপতি জিমলি শইকীয়া কাকতিয়ে৷
জোনাই প্ৰেছ ক্লাৱৰ সভাপতি গৌতম পেগুৱে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা পিছতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানত সন্মানিত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিছতে জোনাই মহকুমাত সংবাদ সেৱা আগবঢ়াই থকা সকলো সংবাদকৰ্মীক সম্বৰ্ধনা জনায় জোনাই মহকুমা জনসংযোগৰ ফালৰ পৰা জনসংযোগৰ বিষয়া চৌবিশ ভূঞাই৷
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত কভিড-১৯ মহামাৰীৰ সময়ছোৱাত সংবাদ মাধ্যমৰ  ভূমিকা আৰু ইয়াৰ প্ৰভাৱ উক্ত বিষয়ৰ ওপৰত বক্তব্য ৰাখে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা মুৰ্কংচেলেক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰকান্ত পেগু, জেষ্ঠ নাগৰিক ৰাষেশ্বৰ পায়েং, জেষ্ঠ সাংবাদিক ৰয়েল পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ জয়কুমাৰ দলে, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মা, সাংবাদিক প্ৰফুল্ল কামান আদিয়ে। সভাত জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰৰ লগতে জোনাই তথ্য ও জনসংযোগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জোনাই মহকুমা তথ্য ও জনসংযোগ বিষয়া চৌবিশ ভূঞাই৷

You might also like