নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ যুৱ সাংবাদিক সন্থাৰ বঁটা ঘোষণা

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ : সাংবাদিকতাৰ ক্ষেত্ৰখনত যুৱ সাংবাদিকসকলৰ ভূমিকা আৰু অৰিহনা অতুলনীয়। এই সাংবাদিকসকলক কৰ্মক্ষেত্ৰত অধিক প্ৰেৰণা তথা উৎসাহিত কৰাৰ উদ্দেশ্যেৰে যুৱ সাংবাদিক সন্থা, অসমে প্ৰতিবছৰে ৰাজ্যৰ কেইজনমান সাংবাদিকক একোটাকৈ বিশেষ বঁটা আৰু সন্মান প্ৰদান কৰি আহিছে । এইবাৰ সন্থাটোৰ কমিটিয়ে ‘সংবাদ শিৰোমণি’ যুৱ সাংবাদিক বঁটা আৰু সন্মানৰ বাবে নিৰ্বাচিত কৰিছে ডি ৱাই ৩৬৫ চেনেলৰ জ্যেষ্ঠ সংবাদিক অনুপম চক্ৰৱৰ্তী আৰু প্ৰাগ নিউজ চেনেলৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাক। ইয়াৰ লগতে ‘ডি ৱাই ৩৬৫’ৰ স্নিগ্ধাশিখা বৰা আৰু ‘নিউজ-১৮ অসম, নৰ্থ ইষ্ট’ৰ জয়ন্ত মাধৱ গোস্বামীলৈ ‘শ্ৰেষ্ঠ বাতৰি পৰিৱেশক/পৰিৱেশিকা’ৰ সন্মান। ‘প্ৰতিদিন টাইম’ৰ পংকজ শইকীয়াক ‘শ্ৰেষ্ঠ নিউজ বুলেটিন প্ৰযোজক বঁটা’। ‘অসমীয়া খবৰ’ আৰু ‘ডি ৱাই ৩৬৫’ৰ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই আৰু ‘নিউজ-১৮ অসম, নৰ্থ ইষ্ট’ৰ সাংবাদিক ঋতিক কৌশিকক বৰ্ষটোৰ ‘শ্ৰেষ্ঠ সাংবাদিকতা বঁটা। ‘অসমীয়া প্ৰতিদিন’ৰ বিজু বড়ো আৰু ‘নিউজ লাইভ’ৰ তাহিৰ হুছেইনক ‘শ্ৰেষ্ঠ ফটো সাংবাদিকতা বঁটা’ আগবঢ়াইছে। অনুষ্ঠানত পৰিবেশ আৰু বন্যপ্ৰাণী, শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰতো শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰিব সন্থাটোৱে৷ উল্লেখযোগ্য যে ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হৈছিল এই যুৱ সাংবাদিক সন্থা, অসম। অহা ১০ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা সন্থাটোৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসতে নিৰ্বাচিত সংবাদিকসকলক এই প্ৰদান কৰিব বুলি সন্থাটোৰ সভাপতি চন্দন দাস আৰু সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে এক বিবৃতিযোগে জনাইছে।

You might also like