নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯১১ কোটি আবণ্টনেৰে মৰিগাঁৱৰ উন্নয়নৰ ন–দিগন্ত সূচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ ৰাজ্যখনৰ উন্নয়নৰ অভিযানক ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ আৰম্ভ কৰা ‘বিকাশৰ বাবে এটা পষেক’ কার্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁৱত প্রায় ৯১১ কোটি টকা ব্যয়েৰে ১০টা উন্নয়নমূলক প্রকল্পৰ শিলান্যাস স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে৷ পূর্বতে কোনো এখন ৰাজ্য চৰকাৰে এই পিছপৰা জিলাখনলৈ একেলগে ইমান বৃহৎ অংকৰ ধন উন্নয়নৰ বাবে আবণ্টন দিয়া নাছিল৷ আজি মৰিগাঁৱৰ বঘৰাত মুখ্যমন্ত্রী ড০ শর্মাই এখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰাৰ উপৰি জলসম্পদ, লোকনির্মাণ, শিক্ষা, ক্রীড়াৰ আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰে৷ বঘৰাত আধাৰশিলা স্থাপন হোৱা মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনত ৰোগীৰ বাবে ৪৩০খন বিছনা থাকিব আৰু বছৰি ১০০গৰাকী ছাত্র–ছাত্রীয়ে নামভর্তি কৰি চিকিৎসা বিদ্যা অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব৷ মৰিগাঁও–জাগীৰোড পথৰ তেতেলীয়া মৌজাৰ বঘৰা কিছামতৰ বঘৰাত ইতিমধ্যে ১০২ বিঘা মাটিত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ নির্মাণৰ শুভাৰম্ভ হোৱাত ৰাইজৰ মাজত প্রবল উৎসাহ–উদ্দীপনাৰ সৃষ্টি হৈছে৷ এই নির্মাণ কার্য ৩৬ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ হাস্পতালখনৰ নির্মাণ ব্যয় ৬৪৭.৩৭ কোটি টকা নির্ধাৰণ কৰা হৈছে৷ সেইদৰে মুখ্যমন্ত্রী ড০ শর্মাই আজি ক্রীড়া ক্ষেত্রৰ বিকাশৰ বাবে জাগীৰোড আঞ্চলিক ক্রীড়া সন্থাৰ ষ্টেডিয়ামত ১৩.০৯ কোটি টকাৰে মিনি ক্রীড়া প্রকল্প নির্মাণ, মাণিপুৰ আঞ্চলিক ক্রীড়া সন্থাৰ খেলপথাৰত ১২.৬৬ কোটি টকাৰে মিনি ষ্টেডিয়াম নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ দুয়োখন ষ্টেডিয়ামত এহেজাৰকৈ লোক বহিব পৰা গেলেৰী থাকিব৷ সেইদৰে ৫.০৩ কোটি টকাৰে মৰিগাঁও চৰকাৰী পলিটেকনিকৰ কর্মশালা আৰু কাৰিকৰী গৱেষণাগাৰ নির্মাণ, ৫.০৩ কোটি টকাৰে মৰিগাঁও চৰকাৰী উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানৰ কর্মশালা আৰু কাৰিকৰী গৱেষণাগাৰ নির্মাণৰো শুভাৰম্ভ কৰে৷ আনহাতে, ২৪.৯৬ কোটি টকাৰে মৰিগাঁৱৰ বসুন্ধৰী পাহাৰৰ পৰা কিলিং কপিলী সংযোগস্থলীলৈ মথাউৰিৰ ওপৰেৰে পথ নির্মাণ, ১৯.৮৪ কোটি টকাৰে ব্রহ্মপুত্রৰ মথাউৰিৰ ওপৰেৰে ধিঙৰ পৰা হিলৈখুন্দালৈ পথ নির্মাণ, ১৯.৩৫ কোটি টকাৰে শ’লমাৰীৰ পৰা ওজাগাঁৱলৈ মথাউৰিৰ ওপৰেৰে পথ নির্মাণ, ৮০.২৫ কোটি টকাৰে জাগীৰোড–মৰিগাঁও পথৰ ভকত গাঁৱত কপিলী নদীৰ ওপৰত আৰচিচি দলং নির্মাণ, ৯.৮৩ কোটি টকাৰে ব্রহ্মপুত্রৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে মায়ং ৰাজহ চক্রৰ অন্তর্গত মূৰকাটাত খহনীয়া প্রতিৰোধী ব্যৱস্থা, ৩৫.১৮ কোটি টকাৰে পাভকাটি/গৰুবান্ধা অঞ্চলত ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধী ব্যৱস্থা আৰু ৩৭.৫৪ কোটি টকাৰে মোৱামাৰীত ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধী ব্যৱস্থাৰ লগতে মথাউৰি নির্মাণৰ কামৰ শুভাৰম্ভ কৰে৷ উক্ত প্রকল্পসমূহৰ শুভাৰম্ভ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনো ব্যক্তিয়ে অকলে সমাজ পৰিৱর্তন কৰিব নোৱাৰে৷ তাৰ বাবে ৰাইজৰ আন্তৰিক সহযোগিতা লাগিব৷ উন্নয়নৰ বাবে শান্তিৰ পৰিৱেশ অন্যতম চর্ত৷ অসমত বর্তমান শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে৷ সেইবাবেই দুৰন্ত বিকাশ আৰু উন্নয়নৰ পথত অসমে গতি কৰিছে৷ আন্দোলনবর্জিত পৰিৱেশ বর্তি থাকিলে অসম অগ্রগামী পথত অগ্রসৰ হ’ব আৰু দেশৰ উন্নত ৰাজ্যসমূহৰ লগত ফেৰ মাৰিব পাৰিব৷ ভগীৰথে যেনেকৈ গংগা বোৱাই আনিছিল, একে ধৰণে অসমতো বিকাশৰ গংগা বৈ যাব৷ মৰিগাঁও জিলাৰ ঐতিহ্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বাধীনতাৰ ৭৫ বছৰ হ’ল, কিন্তু আজি যেনেকৈ ৯০০ কোটি টকাৰ কাম মৰিগাঁৱত আৰম্ভ হ’ল পূর্বতে হোৱা নাছিল৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মৰিগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্থানতে এখন কেন্সাৰ হাস্পতাল, ডেণ্টেল কলেজ, বিএছচি নার্ছিং কেন্দ্র স্থাপন কৰা হ’ব৷ অৰুণোদয় আঁচনিত হিতাধিকাৰীক মাহে ১২৫০ টকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৩৫লাখ মহিলাক এই আঁচনিয়ে সামৰি ল’ব৷ সেইদৰে আৰু ৪০ লাখ লোকক ৰেচন কার্ড প্রদান কৰি বিনামূলীয়া চাউল দিয়া হ’ব৷ মৰিগাঁৱত অৰুণোদয় আঁচনিত ১৮ হাজাৰ লোকক অন্তর্ভুক্ত কৰা হ’ব৷ ৫ হাজাৰ লোকে ৰেচন কার্ড নতুনকৈ লাভ কৰিব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই এআইইউডিএফৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলৰ নেতিবাচক ভূমিকাৰ কঠোৰ সমালোচনা কৰি কয় যে খিলঞ্জীয়া লোকৰ বাবেই আমি থিয় হৈ আছো৷ মাদ্রাছাৰ জৰিয়তে জোনাব, ইমাম বনাব নিবিচাৰো৷ মুছলমান ল’ৰা–ছোৱালীয়েও ডাক্তৰ–ইঞ্জিনীয়াৰ হ’ব লাগে৷ আজমলে সেইটো নিবিচাৰে৷ স্বাধীন ভাৰতত পুৰুষে ৩–৪গৰাকী মহিলা বিয়া কৰাব নোৱাৰে, অধিক সন্তান জন্ম দিয়াৰ বাবে আজমলে লেকচাৰ মাৰিলেই নহ’ব৷ মৰিগাঁৱত শেহতীয়াকৈ জেহাদীৰ তৎপৰতাত উদ্বিগ্ণতা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মৰিগাঁৱত অল–কায়দাৰ প্রতিবিম্ব দেখা পাইছো৷ ইয়াক সহ্য কৰা নহ’ব৷ সভাখনত আদৰণী ভাষণ প্রদান কৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুখীয়াৰ দুখ বুজা মুখ্যমন্ত্রী৷ তেওঁৰ কথা–কাম এক৷ আজিৰ এই অনুষ্ঠানতেই বিধায়ক দেউৰীয়ে স্বৰচিত গীত এটাও পৰিৱেশন কৰে৷ অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, পীয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, বিধায়ক শশীকান্ত দাস, ডাঃ আছিফ নাজাৰ, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন কোঁৱৰ আদি উপস্থিত থাকে।

You might also like