নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ নিৰ্বাচনী ভৱিষ্যদ্বাণী ১০০ শতাংশই প্রমাণিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ বিধানসভা নির্বাচনৰ ফলাফল সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা ভৱিষ্যদ্বাণী ১০০ শতাংশই সত্য প্রমাণিত হ’ল৷ ৰাজ্যখনত নির্বাচনী প্রচাৰৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে বিজেপিয়ে ১৫০ৰ আশে–পাশে আসন লাভ কৰিব বুলি কৰা মন্তব্যই আজি বাস্তৱ ৰূপ পালে৷ আজি ঘোষণা কৰা নির্বাচনী ফলাফলত গুজৰাটত বিজেপিয়ে ১৫০ৰো অধিক আসনত বিজয় সাব্যস্ত কৰি সপ্তমবাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱাটো নিশ্চিত কৰিলে৷ ৰাজ্যখনৰ ধনছেৰা, কামৰেজ, গান্ধীধাম, আঞ্জাৰ আদিকে ধৰি কেইবাটাও সমষ্টিত মুখ্যমন্ত্রীগৰাকীয়ে প্রচাৰ চলোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা মত–বিনিময়ত এইদৰে কৈছিল– ‘মোৰ মনত ভাব হৈছে যে আমি ১৫০ৰ আশে–পাশে আসন লাভ কৰিম৷ গুজৰাটত নির্বাচনৰ এক ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷ একেবাৰে বিজেপি আৰু মোদীময় হৈ পৰিছে৷ সম্পূর্ণ গুজৰাট এতিয়া মোদীময়৷’ উত্তৰ–পূর্বাঞ্চলৰ চাণক্য হিচাপে পৰিচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুজৰাট বিধানসভা নির্বাচনত তাৰকা প্রচাৰক হিচাপে অংশগ্রহণ কৰিছিল৷ ৰাজ্যৰ ভিন্ন সমষ্টিত মাৰাথন প্রচাৰ চলোৱা মুখ্যমন্ত্রীগৰাকীয়ে কেইবাটাও গুৰুত্বপূর্ণ বিষয়ক লৈ ভাষণ প্রদান কৰি বিজেপিক সমর্থন কৰিবলৈ গুজৰাটবাসীক আহ্বান জনাইছিল৷ এই সভাসমূহত অংশগ্রহণৰ সময়তে তেওঁ বিজেপিয়ে ৰাজ্যখনত বিপুল ভোটৰ ব্যৱধানত পুনৰ শাসনলৈ আহিব বুলি তেওঁ মন্তব্য প্রদান কৰিছিল৷ ইফালে, আজি নির্বাচনী ফলাফলক লৈ প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় – ‘আজি অত্যন্ত আনন্দৰ দিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্ব আৰু তেওঁৰ জনপ্রিয়তাই আকাশ স্পর্শ কৰিছে৷ গুজৰাটৰ অভূতপূর্ব নির্বাচনৰ ফলাফলে তাকেই প্রমাণ কৰিছে৷ মই নির্বাচনৰ সভাসমূহত কৈছিলো যে আপ সংবাদ মাধ্যমৰহে সৃষ্টি৷ ইয়াৰ বাস্তৱত একো নাই৷’ লক্ষণীয় যে মুখ্যমন্ত্রীগৰাকীয়ে গুজৰাটৰ মুঠ ৫টা সমষ্টিত তাৰকা প্রচাৰক হিচাপে প্রচাৰ চলাইছিল৷ তেওঁ প্রচাৰ চলোৱা সমষ্টিকেইটা হৈছে ধনছেৰা, কামৰেজ, গান্ধীধাম, আঞ্জাৰ আৰু ডাৰিয়াপুৰ৷ ইয়াৰ ভিতৰত চাৰিটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে৷ কামৰেজ সমষ্টিত বিজেপিৰ প্রফুল্ল পানছেৰিয়া, গান্ধীধাম সমষ্টিত বিজেপিৰ মালতী মহেশ্বৰী, আঞ্জাৰ সমষ্টিত বিজেপিৰ ছাংগা বিজাল আৰু ডাৰিয়াপুৰ সমষ্টিত বিজেপিৰ কৌশিকভাই জৈনে জয়লাভ কৰিছে৷ অৱশ্যে ধনছেৰা সমষ্টিত নির্দলীয় প্রার্থী মাভজীভাই মগনভাই দেশায়ে বিজয় সাব্যস্ত কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আঞ্জাৰৰ টাউন হল, গান্ধীধামৰ আদিপুৰৰ আম্বেদকাৰ ভৱন, কামৰেজৰ এবিচি মল, ধনছেৰাৰ ক্রছ ৰোড, আহমেদাবাদৰ কুবেৰ নগৰৰ ভার্গৱ ৰোড শ্বাহপুৰ দৰৱাজাৰ আম্বেদকাৰ চ’কত আয়োজন কৰা বিশাল ৰেলীত অংশগ্রহণ কৰিছিল৷

You might also like